/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e58225fb-8c23-4621-be16-9086347d5a1a/tiger.jpg)
ধিঙত দুমাহ ধৰি সন্ত্ৰাস সৃষ্টি কৰা বাঘৰ চিৰিয়াখানাত মৃত্যু... প্ৰতিনিধিত্বমূলক ফটো
ডিজিটেল ডেস্কঃ ধিঙত ট্ৰেংকুলাইজ কৰি চিৰিয়াখানালৈ অনা বাঘটোৰ মৃত্যু হৈছে। উল্লেখ্য যে, প্ৰায় দুমাহ ধৰি ধিঙৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এই বাঘটোৱে।
বন বিভাগৰ লোকে দীৰ্ঘদিন ধৰি এই বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা কৰি আহিছিল যদিও সফল হ'ব পৰা নাছিল। প্ৰায় দুমাহ ধৰি সন্ত্ৰাস সৃষ্টি কৰাৰ পাছত বাঘটোক শুকুৰবাৰে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ পিছতে বাঘটোক অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ অনা হৈছিল যদিও আজি চিৰিয়াখানাত বাঘটোৰ মৃত্যু হয়।