মহানগৰীত চিলনী চোৰৰ অতপালি...

প্রাতঃভ্রমণ কৰিবলৈ অহা মহিলাৰ পৰা নিলে...

author-image
Asomiya Pratidin
New Update
মহানগৰীত চিলনী চোৰৰ অতপালি...

ডিজিটেল ডেস্ক : মহানগৰী গুৱাহাটীত পুনৰ চেইন চুৰিৰ ঘটনা সংঘটিত হৈছে। শনিবাৰে পুৱা খ্রীষ্টানবস্তিৰ অমৰাৱতী পথত এগৰাকী বৃদ্ধাৰ পৰা চিলনী চোৰে চেইন চুৰি কৰি নিয়া বুলি জানিব পৰা গৈছে।

Advertisment

ঘটনা অনুসৰি বাইকত অহা দুই দুৰ্বৃত্তই বৃদ্ধা মহিলাগৰাকীৰ ডিঙিৰ পৰা চেইনডাল কাঢ়ি নিয়ে। উল্লেখ কৰা প্ৰয়োজন যে ভুক্তভোগী মহিলাগৰাকীয়ে প্রাতঃভ্রমণ কৰিবলৈ আহোঁতেই সংঘটিত হয় এই ঘটনা।

ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিগত কিছুদিনে মহানগৰীৰ কেতবোৰ অঞ্চলত চিলনী চোৰৰ উপদ্ৰপ দিনক-দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।

Also Read: কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা

guwahati police dispur crime Assam police