Advertisment

গুৱাহাটীতেই শেষকৃত্য সম্পন্ন হ'ব গণশিল্পী সূৰ্য দাসৰ...

গণশিল্পী সূৰ্য হাজৰিকাৰ নশ্বৰ দেহ মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখে লৈ অনা হৈছে। আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা সূৰ্য হাজৰিকাৰ গুৱাহাটীতেই শেষকৃত্য সম্পন্ন কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীতেই শেষকৃত্য সম্পন্ন হ'ব গণশিল্পী সূৰ্য দাসৰ...

গুৱাহাটীতেই শেষকৃত্য সম্পন্ন হ'ব গণশিল্পী সূৰ্য দাসৰ...

ডিজিটেল ডেস্কঃ গণশিল্পী সূৰ্য হাজৰিকাৰ নশ্বৰ দেহ মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখে লৈ অনা হৈছে। আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা সূৰ্য হাজৰিকাৰ মৃতদেহ মৰিগাওঁ চিভিল হাস্পতালৰ পৰা পোনে পোনে মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ লৈ যোৱা হয় আৰু তাত আছু কৰ্মীসকলৰ লগতে অন্যান্য ব্যক্তি, সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Advertisment

তাৰ পাছত তেওঁৰ মৃতদেহ অনুৰূপ ধৰণে অসম গণ পৰিষদৰ মৰিগাওঁ জিলা সমিতিৰ কাৰ্যালয় আৰু মৰিগাওঁ বিহুতলীলৈ লৈ যোৱা হয়। তাত তেওঁক বিভিন্ন দল, সংগঠন, ব্যক্তি নিৰ্বেশেষে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰয়াত শিল্পীগৰাকীৰ নশ্বৰ দেহৰ শেষকৃত্য অনুষ্ঠান ক'ত সম্পন্ন কৰা হ'ব তাক লৈ প্ৰথম অৱস্থাত কিছু অনিশ্চয়তাৰ সৃষ্টি হৈছিল যদিও তেওঁৰ পত্নী আৰু জীয়ৰীৰ ইচ্ছানুসৰিয়েই গুৱাহাটীতেই শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেই অনুসৰিয়েই তেওঁৰ নশ্বৰ দেহ গুৱাহাটী অভিমুখে লৈ অহা হৈছে। অৱশ্যে পথত ডিগাৰুস্থিত জীয়ৰীৰ বাসগৃহত কিছু সময়ৰ বাবে ৰখোৱা হ'ব। তাৰ পাছতেই তেওঁৰ মৃতদেহ পোনে পোনে গুৱাহাটীৰ নুনমাটিস্থিত বাসগৃহলৈ অনা হ'ব। প্ৰথম অৱস্থাত অৱশ্যে সূৰ্য দাসৰ শেষকৃত্য তেওঁৰ আত্মীয়ই জন্মভূমি কামপুৰত সম্পন্ন কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।

কিন্তু শেষত গুৱাহাটীতেই শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্তত ঐক্যমতত উপনীত হৈছে। অৱশ্যে গুৱাহাটীৰ ক'ত শেষকৃত্য সম্পন্ন কৰা হ'ব সেয়া আনুষ্ঠানিকভাৱে পৰিয়ালৰ লোকে অৱগত কৰা নাই। অৱশ্যে নৱগ্ৰহতেই শেষকৃত্য সম্পন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 

সূৰ্য দাস