/asomiyapratidin/media/media_files/2025/01/09/DfM3LGImbmXg4RMOJHh9.png)
ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। গুৱাহাটী মহানগৰীৰ তৰুণ নগৰত ভাড়াতীয়া কোঠাত আজি এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে।
মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকীক প্ৰতীক্ষা শৰ্মা বুলি চিনাক্ত কৰা হৈছে। তিনিচুকীয়াৰ যুৱতী প্ৰতীক্ষা কৰ্মসূত্ৰে আছিল গুৱাহাটীত। জানিব পৰা মতে প্ৰতীক্ষাই ভাড়া ৰুমৰ পাকঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।
কিন্তু তেওঁ কিয় এইদৰে আত্মহত্যাৰ পথ বাছি ল’লে সেয়া এতিয়াও দজানিব পৰা হোৱা নাই। লক্ষ্যণীয় ভাৱে প্ৰতীক্ষাৰ সৈতে বুধবাৰে ১১ বজালৈকে আছিল এগৰাকী যুৱক।
ভাড়াতীয়া হিচাপে থকা ঘৰটোৰ চিচি কেমেৰাত বন্দী হৈছে এই দৃশ্য। কিন্তু এই যুৱকজন কোন আছিল সেয়া জানিব পৰা হোৱা নাই। তাৰ পাছত আজি প্ৰতীক্ষাৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, প্ৰতীক্ষা ডালমিয়া ভাৰত গ্ৰুপত কৰ্মৰত আছিল। ইতিমধ্যে আৰক্ষীয়ে চিচি কেমেৰাৰ দৃশ্যৰ আধাৰত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে প্ৰতীক্ষাৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।