গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ সমদলৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাক অগণতান্ত্ৰিক আখ্যা..

'কা' বিৰোধী সমন্বয় সমিতিয়ে অসম চৰকাৰে অনিৰ্দিষ্ট কাললৈ গুৱাহাটীত সমদলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা কাৰ্যক চূড়ান্ত অগণতান্ত্ৰিক আৰু কুৰুচিপূৰ্ণ বুলি কঠোৰ ভাষাৰে গৰিহণা দিছে।

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল ডেস্কঃ 'কা' বিৰোধী সমন্বয় সমিতিৰ সভাপতি ড০ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেৱেন তামূলীয়ে এক বিবৃতিযোগে অসম চৰকাৰে অনিৰ্দিষ্ট কাললৈ গুৱাহাটী মহানগৰীত সমদলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা কাৰ্যক চূড়ান্ত অগণতান্ত্ৰিক আৰু কু-ৰুচিপূৰ্ণ বুলি কঠোৰ ভাষাৰে গৰিহণা দিছে।বিবৃতিত কয় যে এফালে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতৰ মানুহক কৈ আছে যে, তেওঁ ক্ষমতালে অহাৰ পাছত অসমত প্ৰতিবাদ-আন্দোলন কমি আহিছে আৰু ইয়াক সুশাসনৰ নমুনা বুলি অভিহিত কৰি ফুৰিছে আৰু আনফালে সমগ্ৰ অসমতে বিভিন্ন অজুহাতত বিৰোধীৰ প্ৰতিবাদ নিষেধ কৰি এতিয়া পোনপটীয়াকৈ সমদলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।

Advertisment

বিবৃতিত কয় যে, প্ৰতিবাদ আন্দোলন নোহোৱাটো কেতিয়াও সভ্য সমাজত সুশাসনৰ নমুনা হ'ব নোৱাৰে আৰু এয়া ক- শাসনৰহে লক্ষণ। এডভান্টেজ অসমৰ দোহাই দিলেও এনে নিৰ্দেশনা গ্ৰহণযোগ্য নহয়।

কিয়নো এডভান্টেজ অসমৰ নামত হোৱা প্ৰতাৰণাৰ বিৰোধিতা কৰাৰ অধিকাৰ ৰাইজৰ আছে। সমিতিয়ে অৱশ্যে এই কথা দোহাৰে যে গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীৰ বাবে(দলীয়‌ কাৰ্যসূচী নহয়) দুই-এদিন অগা-পিছা‌‌ কৰিব পাৰি, কিন্তু সমদল উলিওৱাৰ অধিকাৰ বৰ্জন কৰাৰ প্ৰশ্নই নাই।

প্ৰতিবাদহীন শান্তি মৰিশালিতহে বিৰাজ কৰে বুলি মন্তব্য কৰি বিবৃতিত কয় যে, ভাৰতৰ জনসাধাৰণে বুকুৰ তেজ দি অনা স্বাধীনতাৰ আটাতকৈ গুৰুত্বপূৰ্ণ মৌলিক অধিকাৰটোৱেই হৈছে বাক্ স্বাধীনতাৰ অধিকাৰ। ঢাপত গজা শিপাহীন লোকে মাটি আৰু মানুহৰ সংস্কৃতি বুজি নোপোৱাৰ দৰে ক্ষমতাৰ বাবে তৎক্ষণাত আদৰ্শ জলাঞ্জলি দিব পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ঐতিহ্য আৰু সাংবিধানিক পৰম্পৰাক পাহৰি অসমখনক নিজৰ জমিদাৰীৰ দৰে ব্যৱহাৰ কৰি বিৰোধী মত আৰু প্ৰতিবাদ বন্ধ কৰিব বিচাৰিছে।

এয়া কোনোপধ্যেই মানি লোৱা নহ'ব বুলি সমন্বয় সমিতিয়ে স্পষ্ট কৰি দিয়াৰ লগতে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

প্ৰতিবাদ ড০ হীৰেন গোঁহাই