/asomiyapratidin/media/media_files/2025/10/03/1-2025-10-03-16-30-40.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ২০ নৱেম্বৰৰ পৰা মুম্বাইৰ সমীপত অনুষ্ঠিত হ’বলগীয়া অল ইণ্ডিয়া কিকবক্সিং চেম্পিয়নশ্বিপৰ প্ৰতি লক্ষ্য ৰাখি অসম কিকবক্সিং সন্থাই বাছনি শিবিৰৰ আয়োজন কৰিছে।
তথ্য অনুসৰি, ৫ অক্টোবৰত পুৱা ৯ বজাৰ পৰা ৰাজ্যিক এ কে এ ৰ কাৰ্যালয়ত বাছনি শিবিৰ অনুষ্ঠিত হ'ব। ৰাজ্যিক দলটো প্ৰস্তুত কৰা উদ্দেশ্যেএখন সভাও অনুষ্ঠিত কৰা হ'ব।
উল্লেখ্য যে, শিবিৰৰ ভৰ্তি মাছুল ১০০ টকা নিৰ্ধাৰণ কৰা হৈছে। এ কে এৰ অধীনত থকা প্ৰতিখন জিলা ইউনিটে প্ৰতিগৰাকী খেলুৱৈক উক্ত শিবিৰলৈ প্ৰেৰণ কৰিব পাৰিব।