'সংবিধানে দিয়া অধিকাৰহে লাগে,কোনো মন্ত্ৰী,বিধায়ক, সাংসদৰ পৰা জনজাতিৰ স্বীকৃতি বিচৰা নাই'

শিৱসাগৰত সংবাদমেলৰ জড়িয়তে টাইপাৰ হুংকাৰ
shivsagar
shivsagar

ডিজিটেল সংবাদ শিৱসাগৰঃ 'জনজাতিকৰণৰ বিকল্প কোনো কাৰণতেই মানি লোৱা নহ’ব। আমি কোনো মন্ত্ৰী-বিধায়ক-সাংসদ অথবা সংগঠনৰ পৰা জনজাতিৰ স্বীকৃতি বিচৰা নাই। সংবিধানে দিয়া অধিকাৰ আমাক লাগে। চৰকাৰে টাই আহোমসকলক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে অসমৰ ৪০ লাখ টাই আহোমে ২০২৪ লোকসভা নিৰ্বাচনত উজনিৰ সমষ্টি সমূহত বিজেপিৰ প্ৰতিনিধি শূন্য কৰি তুলিব।'- এই দাবী টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দিগন্ত তামুলীৰ।

আজি শিৱসাগৰ প্ৰেছ ক্লাৱত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে এক সংবাদ মেল অনুষ্ঠিত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্র ভাষাৰে আক্ৰমণ কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ভৱেশ গগৈ, দীপজ্যোতি দুৱৰা, সাংগঠনিক সম্পাদক ৰমেন গগৈ জিলা সভাপতি সুৰজ গগৈ, সম্পাদক জয়ন্ত বৰগোঁহাইৰ উপস্থিতিত দিগন্ত তামুলীয়ে সংবাদমেলখন সম্বোধন কৰি কয় যে, বিগত দুটাকৈ লোকসভা নির্বাচন আৰু অসম বিধানসভা নির্বাচনত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বিপুল জন সমর্থন লাভ কৰিছিল বিজেপিয়ে।

কিন্তু বিজেপিয়ে শাসনলৈ অহাৰ পিছত প্রতিশ্রুতি পালন নকৰি জনগোষ্ঠী কেইটাক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰলৈ পঠিওৱাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে তিনিটা জনগোষ্ঠীক পুতলা সদৃশ স্বায়ত্বশাসিত পৰিষদ প্ৰদান কৰি ছয় জনগোষ্ঠীৰ মাজত বিভাজনৰ যি অপচেষ্টা কৰিছিল, এতিয়াও তাৰে ধাৰাবাহিকতা চৰকাৰে অব্যাহত ৰাখিছে।

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীক এবছৰৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে টাই আহোম আৰু কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত আৰু আলোচনাৰ প্ৰয়োজন আছে বুলি কৈ এফালে ছয় জনগোষ্ঠীৰ মাজত ভাঙোন অনাৰ পুনৰ অপচেষ্টা কৰাৰ লগতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো বিলম্ব কৰাৰ এক কৌশল ৰচনা কৰিছে। কাৰণ যদি কিবা আলাপ আলোচনা বা আন কিবা আসোঁৱাহ-অসুবিধা আছিলেই তেন্তে ২০১৯ চনৰ ৯ জানুৱাৰীত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক ৰাজ্যসভাত কিয় উত্থাপন কৰিছিল বুলি যুটীয়া সম্পাদক গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

তেওঁ কয় যে, চৰকাৰৰ গতিবিধি আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা আমি জ্ঞাত হৈছো যে চৰকাৰে টাই আহোমসকলৰ বিশেষ অথবা অজ্ঞাত কাৰণত জনজাতিককৰণ প্ৰদান কৰিব বিচৰা নাই। কিন্তু চৰকাৰৰ এই ভাঙোনমুখী নীতিক আমি মানি নলও। জনজাতিকৰণৰ বাদে কোনো বিকল্প আলোচনাৰ মেজলৈ যোৱা নহ'ব বুলি তামুলীয়ে ষ্পষ্ট কৰি দিয়ে।

তেওঁ কয় যে, শাসকীয় বিজেপি দলৰ টাই আহোম জনগোষ্ঠী মন্ত্রী, বিধায়ক, সাংসদসকলক চৰকাৰক টাই আহোম জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰাৰ বাবে হেঁচ প্ৰদান কৰিব লাগে। যিহেতু আহোম ভোটাৰৰ কান্ধত উঠিয়েই তেওঁলোক মন্ত্রী, বিধায়ক, সাংসদ হৈছে। যদি জাতিটোৰে পৰিচয় হেৰাই তেন্তে তেওঁলোকে কাৰ ভোটেৰে ৰাজনীতি কৰিব বুলি প্ৰশ্ন কৰে।

সংবাদমেলখন সম্বোধন কৰি দিগন্ত তামুলীয়ে উল্লেখ কৰে যে, ছটা সংগঠনৰে গঠিত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ দ্বাৰা আহ্বান কৰা প্ৰায় প্ৰত্যেকটো কাৰ্যসূচীতে টাইপাই সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আহিছে যদিও টাইপা এই ঐক্য মঞ্চৰ প্ৰত্যক্ষ সদস্য সংগঠন নহয়। সেইবাবে শেহতীয়াকৈ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই চৰকাৰ সৈতে জনজাতিকৰণৰ সন্দৰ্ভত কি আলোচনা কৰিছে এই ক্ষেত্ৰত টাইপা জড়িত অথবা অৱগত নহয়।

ভবিষ্যতে জনজাতিকৰণৰ ক্ষেত্ৰত ঐকা মঞ্চৰ কাৰ্যসূচীত নৈতিক সমর্থন জনাই যোৱাৰ লগতে ছয় জনগোষ্ঠীৰ সংগঠনসমূহৰ সৈতে ঐক্যবদ্ধ ভাৱে টাইপাই আন্দোলনৰ কাৰ্যসূচী চলাই যাব। অহা অক্টোবৰ মাহত জিলা, মহকুমা সদৰত ধৰ্ণা আৰু জোঁৰ সমদল, নৱেম্বৰ মাহত জনজাগৰণ যাত্ৰা, ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'ল পথ অৱৰোধ, অৰ্থনৈতিক অৱৰোধ আদিকে ধৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলি দিগন্ত তামুলীয়ে ষ্পষ্ট কৰি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in