/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f8a31043-f5e1-4b55-9622-1954256967cf/2.jpg)
ডিজিটেল ডেস্কঃ শিশুৰ মানসিক-বৌদ্ধিক তথা প্ৰতিভা বিকাশৰ লগতে শিশু সাহিত্য চৰ্চাৰ বাবে প্রকাশ কৰা তিনিমহীয়া আলোচনী 'চোতালৰ পখিলা'ই চলিত অক্টোবৰত ৩বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে বয়োজ্যেষ্ঠ শিশু সাহিত্যিক আৰু নৱ প্ৰজন্মৰ লেখক- লেখিকাসকলক উৎসাহিত কৰাৰ বাবে 'চোতালৰ পখিলা' পৰিয়ালে বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে।
সেয়েহে অহা ১৫ অক্টোবৰৰ পুৱা ১০.৩০ বজাত গুৱাহাটী লতাশিলৰ বিষ্ণু নিৰ্মলা শিশু পুথিভঁৰাল সভাগৃহত ৩ বছৰীয়া বৰ্ষপূর্তিৰ লগতে বঁটা প্ৰদান আৰু সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই সভাত শিশু সাহিত্যিক দিপ্তী বৰুৱাক প্ৰদান কৰা হ'ব 'চোতালৰ পখিলা' দিগন্ত কুমাৰ ডেকা সোঁৱৰণী শিশু সাহিত্য বঁটা আৰু উদীয়মান লেখক-মেধাবী ছাত্র সংকল্পজিৎ শইকীয়াক প্ৰদান কৰা হ'ব ৰজত বৰুৱা সোঁৱৰণী শিশু সাহিত্য প্রতিভা বঁটা।
এই সভাতেই অন্য ২০টি শিশু-কিশোৰক 'বিশেষ প্রতিভাৰ আশীর্বাদ' প্রদান কৰা হ'ব। শিশু আলোচনীৰ সম্পাদকসকলকো জনোৱা হ'ব বিশেষ সম্বর্ধনা।
এই অনুষ্ঠানত ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° ৰাজশ্ৰী বৰাই "অসমীয়া শিশু আলোচনীৰ ১৩৫ বছৰ" শীৰ্ষক এক বক্তৃতা প্ৰদান কৰিব। উক্ত অনুষ্ঠানলৈ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে 'অসমীয়া প্ৰতিদিন' কাকতৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তকো আমন্ত্ৰণ জনোৱা হৈছে।
Also Read: চৰাইদেউত ধুমুহাই তচ-নচ কৰিলে বিভিন্ন অঞ্চলত : চৰকাৰী কাৰ্যসূচী বাতিল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us