সম্পত্তি কৰ বৃদ্ধি আৰু স্মাৰ্ট ডিজিটেল মিটাৰেৰে বিজেপিয়ে গুৱাহাটীবাসীক লুটপাত চলোৱাৰ অভিযোগ

সৰ্বভাৰতীয় পেছাদাৰী কংগ্ৰেছৰ অসম ইউনিটৰ সভাপতিৰ মন্তব্যঃ সম্পত্তি কৰ বৃহৎ বৃদ্ধি জনসাধাৰণৰ বাবে এক ডাঙৰ আঘাত
সম্পত্তি কৰ বৃদ্ধি আৰু স্মাৰ্ট ডিজিটেল মিটাৰেৰে বিজেপিয়ে গুৱাহাটীবাসীক লুটপাত চলোৱাৰ অভিযোগ

ডিজিটেল ডেস্কঃ গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ তিনিৰ পৰা চাৰিগুণ বৃদ্ধি কৰাৰ সন্দৰ্ভত তীব্ৰ সমালোচনা ৰাজ্যিক কংগ্ৰেছৰ সম্পাদক তথা সৰ্বভাৰতীয় পেছাদাৰী কংগ্ৰেছৰ অসম ইউনিটৰ সভাপতি সোমানিৰ। তেওঁ বিষয়াসকলক উদ্দেশ্যি নাগৰিকসকলৰ সুবিধা উন্নত কৰি তিনি-চাৰিগুণ পদ্ধতিৰে যোগান ধৰিবলৈ সক্ষম হৈছে নে বুলি প্ৰশ্ন কৰে।

সোমানীয়ে কয় যে বিষয়াসকলে দাবী কৰা ধৰণে বিগত কেইবাবছৰ ধৰি এই কৰ বৃদ্ধি নকৰাৰ বাবে জি এম চিৰ বিষয়াসকলে এই কৰ বৃদ্ধি কৰিছে। কিন্তু বাস্তৱত বিগত কেইবাবছৰ ধৰি আজিলৈকে নাগৰিক সুবিধাসমূহৰ কোনো উন্নতি হোৱা নাই ৷

লগতে তেওঁ বেয়া ৰাস্তা-ঘাট, খোৱাপানীৰ অভাৱ, গাঁত, নিষ্কাশন ব্যৱস্থা আৰু কৃত্ৰিম বানপানীৰ সমস্যা আজিও মহানগৰীত অমীমাংসিত হৈ আছে। ঘৰুৱা আৱৰ্জনা বহু দিন পথৰ দাঁতিত পৰি থকাত জি এম চিৰ দ্বাৰা নিয়মীয়াকৈ সংগ্ৰহৰ কোনো উচিত ব্যৱস্থা নাই বুলি মন্তব্য কৰে।

উন্মোচিত কালভাৰ্ট আৰু ফুটপাথসমূহ এতিয়াও কৰ্তৃপক্ষই যত্ন লোৱা নাই, যাৰ ফলত দৈনিক পথচাৰীৰ গুৰুতৰ দুৰ্ঘটনা সংঘটিত হৈছে। মহানগৰীৰ পথসমূহৰ অৱস্থা বেয়াৰ পৰা বেয়ালৈ পৰিণত হৈছে। ষ্ট্ৰীট লাইট আৰু ডিভাইডাৰ ৰেলিঙত ৰং কৰা আৰু চহৰখনৰ বৰ্তমানৰ উদ্যানসমূহ সংস্কাৰ কৰাটো ৰাষ্ট্ৰীয় ভি ভি আই পি ৰাজনৈতিক ব্যক্তিসকলে চহৰখন ভ্ৰমণৰ ঠিক আগতেই চহৰখনৰ নাগৰিক উন্নয়নৰ মাপকাঠী হ’ব নোৱাৰে বুলি সোমানীয়ে মন্তব্য কৰে ।

সোমানীয়ে কয় যে কংগ্ৰেছ দলে জি এম চিৰ দ্বাৰা বৰ্ধিত কৰ ৰোলবেকৰ দাবী উত্থাপন কৰাৰ লগতে জনসাধাৰণক এই পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। সম্পত্তি কৰ বৃদ্ধি আৰু এ পি ডি চি এলৰ ডিজিটেল স্মাৰ্ট মিটাৰ বিজেপিৰ বাবে গুৱাহাটী লুটপাতৰ আহিলা হৈ পৰিছে। এই বৃদ্ধিয়ে ছুনামীৰ দৰে প্ৰভাৱ পেলাইছে গুৱাহাটীত। ইতিমধ্যে সৰ্বকালৰ উচ্চ মুদ্ৰাস্ফীতিৰ বোজাৰ তলত জনসাধাৰণ লৰচৰ কৰি আছে বুলি সমালোচনা কৰে।

সম্পত্তি কৰ বৃদ্ধি আৰু স্মাৰ্ট ডিজিটেল মিটাৰেৰে বিজেপিয়ে গুৱাহাটীবাসীক লুটপাত চলোৱাৰ অভিযোগ
জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬ শিক্ষকৰ বিদায় সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in