৩০ জুনত শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটি'ৰ 'বৰেণ্য' শীৰ্ষক অনুষ্ঠান...

'বৰেণ্য' পৰ্ব-১ ৰ মধ্যমণি ড০ প্ৰদীপজ্যোতি মহন্ত

author-image
Asomiya Pratidin
New Update
৩০ জুনত  শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটি'ৰ 'বৰেণ্য' শীৰ্ষক অনুষ্ঠান...

৩০ জুনত শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটি'ৰ 'বৰেণ্য' শীৰ্ষক অনুষ্ঠান...

ডিজিটেল ডেস্কঃ অহা ৩০ জুন, ২০২৪ত অসম সাহিত্য সভাৰ ৰাধা গোবিন্দ বৰুৱা সভা কক্ষত 'শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটিয়ে 'বৰেণ্য' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে। চলিত বছৰৰ পৰা আৰম্ভ কৰা এই অনুষ্ঠানক 'বৰেণ্য' পৰ্ব-১ বুলি উল্লেখ কৰা হৈছে। 'বৰেণ্য' পৰ্ব-১ ৰ মধ্যমণি হিচাপে আমন্ত্ৰণ কৰা হৈছে ড০ প্ৰদীপজ্যোতি মহন্তক।

Advertisment

উল্লেখ্য এই অনুষ্ঠানৰ লক্ষ্য হৈছে বিভিন্ন ক্ষেত্ৰত অসাধাৰণ, অপূৰ্ব তথা বিস্ময়কৰ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ কৃতি-কৰ্মৰাজিৰ মূল্যায়ন কৰাৰ লগতে তেওঁলোকক সন্মান প্রদান কৰা। ধাৰাবাহিকভাৱে অনুষ্ঠিতব্য 'বৰেণ্য'ত প্রতিবাৰেই একোগৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপনৰ লগতে তেখেতৰ কৃতি-কৰ্মৰাজি সম্পর্কে আলোকপাত কৰা হ'ব আৰু তেখেতৰ সৈতে মত বিনিময়ো কৰা হ'ব।

পৰৱৰ্তী সময়ত সম্পাদিত ৰূপত তেওঁৰ কৃতি-কৰ্মৰাজিৰ এই মূল্যায়ন আৰু কথোপকথন ফাউণ্ডেশ্যনৰ ইউটিউব চেনেল, ফেচবুক, এক্স, ইন্‌স্টাগ্রাম আদিৰ জৰিয়তেও প্ৰচাৰ কৰাৰো ব্যৱস্থা কৰা হ'ব বুলিও জানিব পৰা গৈছে।

Also Read: ভাৰত-বাংলাদেশৰ মাজত ৰে'ল সংযোগৰ নতুন চুক্তিঃ মুঠ ১২ টা পথত চলিব ৰে'ল...

শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটি'