Advertisment

SPM য়ে Super-30 ৰ অধীনত আগবঢ়াইছে ১০০ শতাংশ স্কলাৰশ্বিপৰ সুবিধা...

''SPM & Lalan's Coaching'' এ "SPM & Lalan's Super-30" নামৰ এক যুগান্তকাৰী শৈক্ষিক পদক্ষেপৰ জৰিয়তে ৯০ গৰাকী প্ৰতিভাশালী ছাত্ৰ-ছাত্রীক ১০০ শতাংশ স্কলাৰশ্বিপ আগবঢ়াইছে।

author-image
Tushar Pratim
New Update
SPM য়ে Super-30 ৰ অধীনত আগবঢ়াইছে ১০০ শতাংশ স্কলাৰশ্বিপৰ সুবিধা...

ডিজিটেল সংবাদ গুৱাহাটী: ''SPM & Lalan's Coaching'' য়ে আজি এক সংবাদমেল যোগে "SPM & Lalan's Super-30" নামৰ এক যুগান্তকাৰী শৈক্ষিক পদক্ষেপৰ কথা ঘোষণা কৰিছে। এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে JEE আৰু NEET পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ৯০ গৰাকী প্ৰতিভাশালী ছাত্ৰ-ছাত্রীক ১০০ শতাংশ স্কলাৰশ্বিপ আগবঢ়োৱা হ'ব।

Advertisment

এই Super-30 ৰ অধীনত নীট পৰীক্ষাৰ্থীৰ বাবে তিনিটা পৃথক বেটছ ক্ৰমে  "Super 30 (Medical)"  "Super 30 (JEE)" আৰু "Super 30 (15+15)" দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে থাকিব।

এই অনন্য শৈক্ষিক কাৰ্যসূচীৰ উদ্দেশ্য হৈছে প্ৰতিভাবান ছাত্ৰ-ছাত্রী বিচাৰি উলিওৱা আৰু তেওঁলোকক উন্নত শিক্ষাৰ যোগান ধৰা। এই শিক্ষাৰ্থীসকলক এদল বিশেষজ্ঞ আৰু দক্ষ শিক্ষকে পৰীক্ষাৰ বাবে সাজু কৰি তুলিব।

প্ৰশিক্ষণৰ সময়ছোৱাত শিক্ষাৰ্থীসকলক ধাৰণাভিত্তিক শিক্ষাদানৰ লগতে বিশেষভাৱে মানসিক উৎকৰ্ষতাৰ ক্ষেত্ৰতো সহায় কৰিব। এই সন্দৰ্ভত আজি সংবাদমেল সম্বোধন কৰে SPM & Lalan's Coaching ৰ অন্যতম প্ৰতিষ্ঠাপক লালন কুমাৰ,  উত্তপল কান্তা, সত্য়জিৎ কুমাৰ,  চিন্ময় বৰদলৈ, মৃদুল মিশ্ৰ আৰু হৃদেশ শ্ৰোত্রীয়াই।

এই Super-30 বেটছৰ অন্যতম বৈশিষ্ট্য হৈছে  ১০০ শতাংশ স্কলাৰশ্বিপ প্ৰদান। যোগ্য আৰু প্ৰতিশ্ৰুতিসম্পন্ন ছাত্ৰ-ছাত্ৰীক ১০০ শতাংশ স্কলাৰশ্বিপৰ জৰিয়তে এই বিশেষ প্ৰশিক্ষণৰ সুযোগ দিয়া হ'ব।

তদুপৰি, তেওঁলোকৰ বাবে পুষ্টিকৰ আহাৰ, সুৰক্ষিত হোষ্টেল, আৰু উপযুক্ত শৈক্ষিক পৰিবেশ নিশ্চিত কৰা হ'ব।য'ত মানসিক, শাৰীৰিক, আৰু মানৱিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব।

সংবাদমেলত, লালন কুমাৰ য়ে কয়, "SPM & Lalan's Super-30 বেটছৰ লক্ষ্য হৈছে সমাজৰ সকলো শিক্ষাৰ্থীক উন্নত শিক্ষা প্ৰদান কৰি তেওঁলোকক সফলতাৰ দিশত আগবঢ়াই লৈ যোৱা।" তদুপৰি, সত্য়জিৎ কুমাৰে উল্লেখ কৰে, "উত্তৰ-পূৱ ভাৰতৰ বহু প্ৰতিভাবান শিক্ষাৰ্থীয়ে উপযুক্ত সুযোগৰ অভাৱত পিছপৰি থাকে। Super-30 ৰ জৰিয়তে আমি সেই অভাৱ পূৰণ কৰিব বিচাৰিছোঁ।"

এই উদ্যোগ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত এক সুকীয়া দিশ সৃষ্টি কৰিব, য’ত প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া উচ্চ-মানদণ্ডৰ শিক্ষা লাভ কৰি তেওঁলোকৰ সপোন পূৰণ কৰিব পাৰিব।

এই সন্দৰ্ভত শিক্ষাৰ্থীসকলে ৰেজিষ্ট্ৰেশ্যনৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবচাইট www.spmandlalans.com ত সবিশেষ চাব পাৰিব বা 9577652617  আৰু  9287982100 নম্বৰত হোৱাটছএপ অথবা কল কৰি সবিশেষ জানিব পাৰিব। 
 

নীট পৰীক্ষা