Advertisment

এক্ট ইষ্ট পলিচি আৰু বিশ্বায়ন সন্দৰ্ভত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বিশেষ সন্মিলন সম্পন্ন

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আজি এক্ট ইষ্ট পলিচিৰ জৰিয়তে উত্তৰ-পূৱ ভাৰতক বিশ্বায়নত অন্তর্ভুক্ত কৰা বিষয়ত এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যুৱ গৱেষকৰ সম্মিলন অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
এক্ট ইষ্ট পলিচি আৰু বিশ্বায়ন সন্দৰ্ভত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বিশেষ সন্মিলন সম্পন্ন

ডিজিটেল ডেস্কঃ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে এক্ট ইষ্ট পলিচিৰ জৰিয়তে উত্তৰ-পূৱ ভাৰতক বিশ্বায়নত অন্তর্ভুক্ত কৰা বিষয়ত এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ (ইয়ং স্কলাৰ মিট) যুৱ গৱেষকৰ সম্মিলন অনুষ্ঠিত হয়। সন্মিলনখন পুৱা শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক জয়ন্ত কৃষষ্ণ শর্মাই।

Advertisment

আভ্যন্তৰীণ মান নিৰূপণ কোষৰ আহ্বায়ক ড° পৰী হিলৈদাৰীৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত ড° সংগীতা গগৈ, অধ্যক্ষ ড০ ৰঞ্জিত শর্মা আৰু অনুষ্ঠানটোৰ আহ্বায়ক ড০ বিশ্বজিৎ চৌধুৰীয়ে ভাষণ ৰাখে। তদুপৰি অনুষ্ঠানটোৰ আঁত ধৰে ড০ নিতুস্মিতা ভট্টাচাৰ্য্যই আৰু শলাগৰ শৰাই আগবঢ়াই ড০ দেৱাৰতি দাসে।

অনুষ্ঠানটোত পৃষ্ঠপোষকতা কৰিছে নতুন দিল্লীৰ ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদে। এই দিনযোৰা কাৰ্যসূচীত সর্ব্বমুঠ পাঁচটা ভিন্ন অধিবেশন অফলাইন আৰু দুটা অধিবেশন অনলাইন অনুষ্ঠিত হয়।

ইয়াত সর্ব্বমুঠ ৪০ গৰাকী য়ুৱ গৱেষকে গৱেষণা পত্র পাঠ কৰে। তদুপৰি দহ গৰাকী কনিষ্ঠ অধ্যাপকে তেওঁলোকৰ গৱেষণা ভাষণ দিয়ে। ইয়াত উত্তৰ-পূৱৰ প্রায় আটাইকেইখন ৰাজ্যৰ যুৱ প্রতিনিধিয়ে অংশ লয় আৰু নতুন দিল্লী, চেন্নাই, পাঞ্জাব, গুজৰাট, পুনে, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ যুৱ গৱেষক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে।

এদিনীয়া এই কাৰ্য্যসূচীত বিদায় সভাত অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি বিভাগৰ যুটীয়া সচিব মহম্মদ চাজ্জাদ আলম ডাঙৰীয়াই অংশগ্রহণ কৰে। ইয়াৰ লগত সংগতি ৰাখি এখন পুস্তিকা প্রকাশ কৰা হয়।

সন্দিকৈ ছোৱালী মহাবিদ্যালয়