/asomiyapratidin/media/media_files/2025/04/08/PLjFqZ9u4RmjVTN7v2Bc.jpg)
ডিজিটেল ডেস্কঃ সোণাপুৰৰ ট্ৰেইবেল বেল্টৰ ভূমি অবৈধভাৱে দখল কৰি থকা বেদখালকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত নিহত হৈছিল দুজনকৈ ব্যক্তিৰ। যোৱা বছৰৰ ছেপ্টেম্বৰ ১২ তাৰিখে সংঘটিত হোৱা উক্ত ঘটনা পুনৰ চৰ্চালৈ আহিছে।
উল্লেখ্য যে, কচুতলীৰ সেই উচ্ছেদৰ ঘটনাত নিহত হোৱা জুবেইৰ আলীৰ পৰিয়ালে ন্যায় আৰু উপযুক্ত ক্ষতিপূৰণ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। দাখিল কৰিছিল লেখ আবেদন। সেই লেখ আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক সমগ্ৰ ঘটনা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ ৩ সপ্তাহৰ সময় নিৰ্ধাৰণ কৰি দিছে।
স্মৰ্তব্য, সোণাপুৰৰ উচ্ছেদৰ সময়ত দুজনকৈ লোক আৰক্ষীৰ গুলীত নিহত হোৱাৰ পাছতো প্ৰশাসনে বিষয়টোৰ কোনো তদন্ত কৰা নাছিল। তাৰোপৰি নিহত দুয়ো ব্যক্তিৰে মৰণোত্তৰ পৰীক্ষাৰো পৰিয়ালৰ লোকক দিয়া নাছিল আৰক্ষীয়ে।
সেয়ে গোচৰীয়া পক্ষই ন্যায়ালয়ৰ দ্বাৰস্থ হৈ নিহতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় আৰু ক্ষতিপূৰণ বিচাৰে। সেই অনুসৰিয়েই ন্যায়ালয়ে আজি এই নিৰ্দেশ প্ৰদান কৰিছে। আবেদনকাৰীয়ে ন্যায়ালয়ক আৰক্ষীৰ এনে দায়িত্বহীন কাৰ্যৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে ১২ ছেপ্টেম্বৰৰ সেই উচ্ছেদ অভিযানৰ সময়ত কচুতলীত ব্যাপক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল। দুৰ্বৃত্তৰ আক্ৰমণত আৰক্ষী, প্ৰশাসনৰ কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আৰক্ষীৰ বিষয়াসহ কেইবাজনো লোক আহত হৈছিল। ইয়াৰ বিপৰীতে আৰক্ষীৰ গুলীত নিহিত হৈছিল দুজন লোক।