চচলত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ প্ৰতিবাদ...

অসমৰ আঠটা ছাত্ৰ সংগঠন একত্ৰিত হৈ "শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ অসম" নামৰ এখন মঞ্চ তৈয়াৰ হৈছিল।

author-image
Asomiya Pratidin
New Update
চচলত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, গুৱাহাটী : উন্নত শিক্ষা ব্যৱস্থাই হৈছে প্ৰগতিশীল দেশৰ মূল মন্ত্ৰ। এই বাণীকেই আগত ৰাখি অসমৰ আঠটা ছাত্ৰ সংগঠন একত্ৰিত হৈ "শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ অসম" নামৰ এখন মঞ্চ তৈয়াৰ হৈছিল। য'ত "আম আদমি পাৰ্টী"ৰ ভাতৃ সংগঠন চি ওৱাই চি চি অসমৰো সহযোগী হয়।

Advertisment

শুকুৰবাৰে এই আঠটা সংগঠনৰ নেতৃত্বৰ লগতে চি ওৱাই চি চিৰ সমূহ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত গুৱাহাটী চচলত "ছেবা ৰক্ষা সংকল্প" নামেৰে এক অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। ছেবা ৰক্ষা কৰক, শিক্ষা মন্ত্ৰী-ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে পদত্যাগ কৰক আদি শ্লো'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাৰ বিশেষ আহ্বান...

education department of assam