/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/251fc5d6-2e5a-4d02-849d-d0fc2ddc42c1/AP_FOR_WEB_sikha_baa.jpg)
দিছপুৰ আৰক্ষীয়ে আটক কৰিলে শিখা শৰ্মাকঃ যিকোনো মুহূৰ্ততে হ'ব গ্ৰেপ্তাৰ !
বিতৰ্কিত শিখা শৰ্মাক অৱশেষত আটক কৰিলে দিছপুৰ আৰক্ষীয়ে।
ফেচবুকত বিজেপি নেত্ৰী জোনালী নাথৰ সন্দৰ্ভত দিছিল আপত্তিজনক মন্তব্য।
হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী নাথৰ চৰিত্ৰক লৈ কৰিছিল প্ৰশ্ন।
এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছিল এক গোচৰ।
শিখা শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল ৰাজ্যিক মহিলা আয়োগেও।
এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে লিখিছিল পত্ৰ।
আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল ।
আটক হোনা শিখা শৰ্মাক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব দিছপুৰ আৰক্ষীয়ে।
পূৰ্বতেও বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰলৈ গৈছিল শিখা শৰ্মা।
Also Read: নুমলীগড়ত বন্যহস্তীৰ ৰহস্যজনক মৃত্যু...