জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতালৈ শ্ৰেষ্ঠ ক্ৰীড়া সাংবাদিকৰ বঁটা...

জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতালৈ শ্ৰেষ্ঠ ক্ৰীড়া সাংবাদিকৰ বঁটা...
জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতালৈ শ্ৰেষ্ঠ ক্ৰীড়া সাংবাদিকৰ বঁটা...

ডিজিটেল সংবাদ গুৱাহাটীঃ অসমীয়া প্ৰতিদিনিৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক তথা বিশিষ্ট ক্ৰীড়া সাহিত্যিক বিদ্যুৎ কলিতালৈ শ্ৰেষ্ঠ ক্ৰীড়া সাংবাদিকতাৰ বঁটা। সাবলীল ভাষা, গধুৰ বিশ্লেষণেৰে অসমৰ ক্ৰীড়া সাংবাদিকতাক এক নিৰ্দিষ্ট গতি দিবলৈ সক্ষম হোৱা বিদ্যুৎ কলিতাক আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হৈছে।

ৰাইটাৰ্ছ ফ'ৰাম, অসমে এই বঁটাৰে সন্মানিত কৰিছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকগৰাকীক। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বঁটা গ্ৰহণ কৰি বিদ্যুৎ কলিতাই ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে কাম কৰি যাব বুলি নিজৰ চমু ভাষণত মন্তব্য কৰে। তেওঁ এনে বঁটা বাহনে সাংবাদিকসকলক কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত প্ৰেৰণা যোগায় বুলিও প্রসংগক্রমে উল্লেখ কৰে।

অনুষ্ঠানত তেওঁক ৰাইটাৰ্ছ ফ'ৰাম, অসমৰ হৈ বঁটা প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠক, যুৱ আৰু ছাত্ৰ কল্যাণ সঞ্চালকালয়ৰ সদস্য সচিব গীতাৰ্থ গোস্বামী আৰু ৰাইটাৰ্ছ ফ'ৰাম অসমৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ে। উল্লেখযোগ্য যে ৰাইটাৰ্ছ ফ'ৰাম অসমে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্রেক্ষাগৃহত বার্ষিক অধিৱেশন, বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰে।

একেটা অনুষ্ঠানতে ৰাজ্যৰ সাহিত্য- সংস্কৃতি, ৰাজনীতি-অর্থনীতি, স্বাস্থ্য-কৃষিকে ধৰি আন কেইবাটাও ক্ষেত্রলৈ অনবদ্য অৱদান আগবঢ়োৱা ৩০ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, সাংবাদিক, শিক্ষাবিদ ড° দয়ানন্দ পাঠকক আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা।

ৰাইটাৰ্ছ ফ'ৰামৰ বাৰ্ষিক অধিৱেশনৰ এই অনুষ্ঠানত 'অৰ্জুন' নয়নমণি শ‍ইকীয়াক বৰ্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা, ৰামকৃষ্ণ তালুকদাৰক সত্ৰীয়া সাধনা বঁটা, এল হেমন্ত সিঙক ক্রীড়া সাধনা বঁটা, জলী বৰাক বিহু নাচ সাধনা বঁটা প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে বিধায়ক ৰূপজ্যোতি কুৰ্মীক চলিত বৰ্ষৰ বৰ্ষশ্রেষ্ঠ বিধায়কৰ বঁটা, আয়ুৰসুদ্ৰা হাস্পতালক বর্ষশ্রেষ্ঠ চিকিৎসা প্ৰতিষ্ঠানৰ বঁটা, ভূপেন তালুকদাৰক বৰ্ষশ্রেষ্ঠ সমাজৰত্ন বঁটা, পবিত্ৰ শৰ্মাক বৰ্ষশ্রেষ্ঠ সাহিত্য সংগঠকৰ বঁটা, ড° সীমা বৰাক বৰ্ষশ্রেষ্ঠ কবি বঁটা, নৱত্ব পাটোৱাৰীক বৰ্ষশ্রেষ্ঠ সাহিত্যিকৰ বঁটা, হৰেকৃষ্ণ তালুকদাৰক বৰ্ষশ্রেষ্ঠ সমাজ সংগঠকৰ বঁটা, জয়ন্ত দাসক বর্ষশ্রেষ্ঠ ক্রীড়া সাংবাদিক (বৈদ্যুতিন মাধ্যম) বঁটা আগবঢ়োৱা হৈছে।

একেদৰে ড° ৰঞ্জিত ডেকাক বৰ্ষশ্রেষ্ঠ শৈক্ষিক বঁটা, যুৱ আৰু ছাত্র কল্যাণ সঞ্চালকালয়ৰ সদস্য সচিব গীতার্থ গোস্বামীক বৰ্ষশ্রেষ্ঠ যুৱ ৰাজনীতিক বঁটা, দিলীপ বর্মনক বর্ষশ্রেষ্ঠ যুৱ সাহিত্যিক বঁটা, দিলীপ দাসক বর্ষশ্রেষ্ঠ গ্রাম্য ক্রীড়া সাংবাদিকতাৰ বঁটা, ভাৰতী ৰায়ক বৰ্ষশ্রেষ্ঠ সমাজসেবিকা বঁটা, বিপুল শ‍ইকীয়াক বৰ্ষশ্রেষ্ঠ ক্রীড়া সংগঠকৰ বঁটা, দীপক সন্দিকৈক বর্ষশ্রেষ্ঠ উদ্যোগী বঁটা আগবঢ়োৱা হয়।

সাংস্কৃতিক মহাসভা অসমক বর্ষশ্রেষ্ঠ সাহিত্য সংগঠনৰ বঁটা, 'বার্তাপখিলী' লৈ বৰ্ষশ্রেষ্ঠ সাহিত্য আলোচনী বঁটা, অসম লনবল সন্থালৈ বৰ্ষশ্ৰেষ্ঠ ৰাজ্যিক ক্রীড়া সন্থা বঁটা, জনপ্রিয় অভিনেতা ৰবি শৰ্মালৈ বৰ্ষশ্ৰেষ্ঠ অভিনেতাৰ বঁটা, জিৎ খানলৈ চিনেমাৰ বৰ্ষশ্রেষ্ঠ নৃত্য পৰিচালক বঁটা, দিলীপ বৰাক বৰ্ষশ্রেষ্ঠ নাট্য সংগঠকৰ বঁটা, প্ৰদীপ কোচক বর্ষশ্রেষ্ঠ সমাজসেৱকৰ বঁটা আগবঢ়োৱা হয়।

লীলা ফুকনক বৰ্ষশ্রেষ্ঠ প্রতিভাৱান ব্যৱসায়ী বঁটা, ডাঃ শুভ্রকিংকৰ গোস্বামীক বৰ্ষশ্রেষ্ঠ চিকিৎসকৰ বঁটা, বৰভাগ সংগীত মহাবিদ্যালয়ক বৰ্ষশ্রেষ্ঠ সংগীত মহাবিদ্যালয়ৰ বঁটা, মানসপ্রতিম দাসক বর্ষশ্রেষ্ঠ ক্রীড়া প্রশিক্ষক বঁটা, শাহনাজ খানক বৰ্ষশ্রেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা, হৈমা দাসক বর্ষশ্রেষ্ঠ মেকাপ আর্টিষ্ট বঁটা, হেমন্ত মজুমদাৰক বৰ্ষশ্ৰেষ্ঠ সাংবাদিকৰ বঁটা, মনোজ চৌধুৰীক বৰ্ষশ্রেষ্ঠ গ্রাম্য ক্রীড়া সংগঠকৰ বঁটা, বিপুল মজুমদাৰক বৰ্ষশ্রেষ্ঠ ফটো সাংবাদিকৰ বঁটা, অসম লাইভক বৰ্ষশ্রেষ্ঠ ডিজিটেল নিউজ চেনেলৰ বঁটা, জয়ন্ত গোস্বামীক বর্ষশ্রেষ্ঠ বনপালক বঁটা, দীপজ্যোতি গগৈক বৰ্ষশ্রেষ্ঠ নবাগতা গায়িকা বঁটা, গীতু দাসক মহিলা সমাজসেৱিকাৰ বঁটা, প্ৰমোদ কুমাৰ তালুকদাৰক বৰ্ষশ্রেষ্ঠ লেখকৰ বঁটা প্ৰদান কৰা হয়।

আজিৰ এই অনুষ্ঠানত যশস্বী অভিনেতা প্রাঞ্জল শ‍ইকীয়ালৈ আগবঢ়োৱা হয় শিল্পী সাধনা বঁটা। ৰাইটাৰ্ছ ফ'ৰাম অসমৰ বাৰ্ষিক অধিৱেশন-বঁটা বিতৰণী অনুষ্ঠানত আজি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতালৈ শ্ৰেষ্ঠ ক্ৰীড়া সাংবাদিকৰ বঁটা...
শেষ হোৱা নাই বিতৰ্ক ! মুক্তিৰ পূৰ্বেই লিক 'পাঠান', এই কেইটা ৱেব চাইটত উপলব্ধ চিনেমাখন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in