ফটাশিলত জ্যেষ্ঠ নাগৰিকৰ সভা

ফটাশিলত জ্যেষ্ঠ নাগৰিকৰ সভা

ডিজিটেল ডেস্কঃ "বৰ্তমান সময়ত আমাৰ সমাজ জীৱনত ড্ৰাগছ্,সুৰাকে ধৰি বিভিন্ন অনাকাংখিত বিষয়ে সমাজ জীৱনত উদ্বিগ্ন তাৰ সৃষ্টি কৰিছে। নিৰাময়ৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ বাবে প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিক সমাজ সংস্কাৰৰ বাবে মাৰ্গদৰ্শক হঁওক।" যোৱা২৫জানুৱাৰীত গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰীৰ জ্যেষ্ঠ নাগৰিক সমাজৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিবেশনত মূখ্য অতিথি হিচাপে যোগদান কৰি জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এনেদৰে কয়।

শিক্ষাবিদ দিবাকৰ ভাগৱতীৰ সভাপতিত্বত আমবাৰী নবযুগ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত সভাখনত বৰঠাকুৰে চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ বাবে দিয়া সুবিধাবোৰো গ্ৰহন কৰিবলৈও নাগৰিকসকলক আহ্বান জনায়। সভাত জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ শিক্ষা সম্পাদক ড০ জগন্নাথ পাটগিৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে যোগদান কৰি জ্যেষ্ঠ নাগৰিক সকলক আজীৱন সদস্যৰ তালিকাভুক্ত হ'বলৈ আহ্বান জনায় লগতে আইনৰ সুবিধা যথাৰীতিৰে গ্ৰহন কৰাত গুৰুত্ব আৰোপ কৰে।

জ্যেষ্ঠ নাগৰিক তথা শাখাৰ প্ৰাক্তন সম্পাদক হৰকান্ত গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কামৰূপ মহানগৰ জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হাচিম আলিয়ে সমাজৰ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ লোকক সন্মিলনৰ সদস্য কৰাত গুৰুত্ব আৰোপ কৰি কয় যে আদৰ্শবাদী লোকৰ সংহতিহে আচল কথা।

সভাত ১০০ বছৰ গৰকা জ্যেষ্ঠ নাগৰিক অনন্ত ডেকা, ৯০ বছৰীয়া জ্যোতিষ দাস আৰু ৮০ বছৰীয়া প্ৰভাত গোস্বামী ,ৰত্নেশ্বৰ স্বৰ্গীয়াৰীক সম্বৰ্ধনা জনোৱা হয়। বিউতি বৰুৱাই আধুনিক গীতেৰে সমবেতসকলক আপ্লুত কৰা সভাত বিশিষ্ট সাহিত্যিক ৰিজু হাজৰিকা, নিলীমাদেৱী মহন্ত,অৰুনচন্দ্ৰ ভাগৱতী আৰু গোলাপ ডেকাই ও বক্তব্য ৰাখে। অধিৱেশন সফল কৰাত সহযোগিতা কৰা বাবে সদৌটিলৈ শৰাই আগবঢ়ায় শৈলেন্দ্ৰ চন্দ্ৰ কলিতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in