/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0899095d-244e-49c3-acad-b2ca7dbb0b1f/AP_FOR_WEB_kamakhya.jpg)
জখলাবন্ধাত 'কামাখ্যাৰ অতিথি' শীৰ্ষক তথ্যচিত্ৰ মুকলি...
ডিজিটেল সংবাদ কলিয়াবৰঃ ঐতিহ্যমণ্ডিত কলিয়াবৰৰ শিলঘাটৰ কামাখ্যা পাহাৰত দীৰ্ঘ সময়ৰ বাবে থিতাপি লোৱা এটা ঢেকীয়াপটীয়া বাঘৰ বিচৰণ শৈলিকলৈ প্ৰস্তুত কৰি উলিওৱা এখনি তথ্যচিত্ৰ সোমবাৰে সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয়। তথ্যচিত্ৰখন উন্মোচন কৰে অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰে।
জখলাবন্ধাৰ মিলন সংঘৰ সভা কক্ষত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰে। ভাষণত তেওঁ গভীৰভাৱে প্ৰেৰণাদায়ক তথ্যচিত্ৰখনিয়ে দেশ বিদেশৰ পৰ্যটকক বিশেষ ভাৱে আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ কৰে।
বিপুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত প্ৰকৃতিপ্ৰেমী দিলীপ নাথ, ডব্লিউ ডব্লিউ এফৰ সমন্বয়ক ড০ প্ৰনৱজ্যেতি বৰা, মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, চক্ৰ বিষয়া ৰাজনিচান শৰ্মা, নিৰ্বাচনী বিষয়া ড০ ভূপালী কাশ্যপ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰদীপ লস্কৰ, মৃগাংক বৰা, বন বিষয়া কুলেন্দ্ৰ ভূঞা, সাংবাদিক তপন শইকীয়া, গোলাপ শইকীয়া, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰ, জখলাবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি তৃষা শইকীয়া, কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি যতীন বৰা আদি উপস্থিত থাকে।
উল্লেখ্য যে, তথ্য চিত্ৰখনিৰ প্ৰযোজনা কৰিছে কলিয়াবৰৰ সাংবাদিক গৌতম কুমাৰ বৰাই। পৰিচালনা ৰমেন বৰাৰ।
Also Read: মাৰাঠাৰ সংৰক্ষণ আন্দোলনক লৈ বিৰূপ মন্তব্যঃ জ্বলাই দিলে এন চি পি বিধায়কৰ বাসগৃহ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us