/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/ltfsquyx/satish-30.jpg)
অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সতীশ চন্দ্ৰ চৌধুৰী আৰু নাই
ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা উপ সভাপতি সতীশ চন্দ্ৰ চৌধুৰী আৰু নাই। আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত তেওঁ মৃত্যুক সাৱটি লয়।
প্ৰয়াত চৌধুৰী আছিল একেধাৰে শিক্ষাবিদ, সাহিত্যিক আৰু সাংবাদিক। তেওঁৰ মৃত্যুত বৰপেটা জিলাখনত শোকৰ ছাঁ পৰিছে। বিভিন্নজনে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
সতীশ চন্দ্ৰ চৌধুৰীৰ মৃত্যুত অসমে এগৰাকী ভাল সাহিত্য সংগঠক তথা সাহিত্যিকক হেৰুৱালে বুলি তেওঁৰ অনুগামিসকলে উল্লেখ কৰিছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা চৌধুৰীয়ে দীৰ্ঘকালৰ বাবে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ দায়িত্ব পালন কৰিছিল।
Also Read: মানকাচাৰ,গোৱালপাৰা, ডিব্ৰুগড়ত আপৰ সম্পৰ্ক যাত্ৰাঃ ধানোৱাৰক বিপুল আদৰণি...