সৰুসজাইৰ বাহিৰে ভিতৰে বিৰ দি বাট নোপোৱা অৱস্থাঃ ষ্টেডিয়ামত সোমাব নোৱাৰিলে হাজাৰ হাজাৰ দৰ্শক...

সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ বাহিৰে-ভিতৰে বিৰ দি বাট নোপোৱা অৱস্থা। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা মেগা ঝুমইৰ উপভোগ কৰিবলৈ আহি সৰুসজাইৰ ভিতৰে বাহিৰে ভিৰ কৰিছে।

author-image
Asomiya Pratidin
New Update
সৰুসজাইৰ বাহিৰে ভিতৰে বিৰ দি বাট নোপোৱা অৱস্থাঃ ষ্টেডিয়ামত সোমাব নোৱাৰিলে হাজাৰ হাজাৰ দৰ্শক...

ডিজিটেল ডেস্কঃ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ বাহিৰে-ভিতৰে বিৰ দি বাট নোপোৱা অৱস্থা। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা মেগা ঝুমইৰ উপভোগ কৰিবলৈ আহি সৰুসজাইৰ ভিতৰে বাহিৰে ভিৰ কৰিছে।

উল্লেখ্য যে, সৰুসজাই ষ্টেডিয়ামত আজি নিৰ্ধাৰিত সংখ্যক দৰ্শকৰ বাবেহে গেলাৰীৰ ব্যৱস্থা কৰা হৈছিল যদিও দিনৰ ভাগৰ পৰাই সৰুসজাই ষ্টেডিয়ামৰ সেই নিৰ্ধাৰিত গেলাৰী দৰ্শকেৰে ভৰি পৰিছে। ইফালে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা দেওবাৰে নিশাৰে পৰা সৰুসজাইৰ মেগা ঝুমইৰ উপভোগ কৰিবলৈ ৰাইজৰ আগমণ ঘটিছিল।

এনে পৰিপ্ৰেক্ষিতত সৰুসজাই ষ্টেডিয়ামৰ বাহিৰত এতিয়াও হাজাৰ হাজাৰ ৰাইজ ভৰি আছে। ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশৰ অনুমতি নোপোৱা এই লোকসকলৰ মাজত ক্ষোভৰো সৃষ্টি হৈছে। ইফালে সৰুসজাইলৈ সোমাই যোৱা পথ বাহন চলাচলৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতিত আৰক্ষীৰ সমানে সমানে যানজঁট আৰু ভিৰ নিয়ন্ত্ৰণ কৰতা নামি পৰিছে পীযুষ হাজৰীকা সহিতে আন কেইবাজনো মন্ত্ৰীও। উল্লেখ্য যে, সৰুসজাইত আজি প্ৰদৰ্শিত বলগীয়া মেগা ঝুমইৰ উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিভিন্ন দেশৰ প্ৰায় অৰ্ধশতাধিক ৰাষ্ট্ৰদূতে।

ইতিমধ্যে প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্য বিদেশী প্ৰতিনিধি, বিনিয়োগকাৰী তথা উদ্যোগপতিক আদৰিবলৈ গুৱাহাটীক আটকধুনীয়াকৈ সজাই তোলা হৈছে। কিছু সময়ৰ পাছতেই বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোডীৰ বিমান।

তাৰ পৰা তেওঁ ৰোড শ্বৰ জৰিয়তে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হব। মোডীক আদৰিবলৈ বিমান বন্দৰতো বিভিন্ন সাংস্কৃতিক দলৰ সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে।

ইফালে সৰুসজাইত অনুষ্ঠিত হবলগীয়া ঝুমইৰ বিনন্দিনী’’ অনুষ্ঠানত মোডীৰ উপৰিও মুঠ ৬১গৰাকী ৰাষ্ট্ৰদূত আৰু বিদেশী প্ৰতিনিধিসহ প্ৰায় চাৰে তিনিশ বিশিষ্ট অতিথি উপস্থিত থকাৰ কথা।

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবেও প্ৰয়াস চলোৱা এই অনুষ্ঠানত তেওঁলোকৰো কৰ্তৃত্বশীল বিষয়া উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ইফালে আজিৰ এই অনুষ্ঠান ৫-৩০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও প্ৰধানমন্ত্ৰীৰ আগমণত পলম হোৱাৰ বাবে 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ সময়ো পিছুৱাই গৈছে। ৭-৩০ বজাৰ আগত এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই। 

সৰুসজাই ঝুমুৰ নৰেন্দ্ৰ মোডী