শংকৰদেৱ কলাক্ষেত্ৰত বিনামূলীয়া লে’বৰেটৰী সেৱা মুকলি

শংকৰদেৱ কলাক্ষেত্ৰত বিনামূলীয়া লে’বৰেটৰী সেৱা মুকলি

author-image
asomiyapratidin
New Update
শংকৰদেৱ কলাক্ষেত্ৰত বিনামূলীয়া লে’বৰেটৰী সেৱা মুকলি

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিনামূলীয়া লেব'ৰেটৰী সেৱা মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰ্যায়লৈ সম্প্ৰসাৰণৰ লক্ষ্যৰে মুকলি কৰা হ'ল এই সেৱা।

Advertisment

শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত ৰাজ্যৰ ১২০০ লেব'ৰেটৰী টেকনিচিয়ানে অংশ লয়। এই সেৱাৰ দ্বাৰা ৰাইজৰ বহু সুবিধা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে মন্ত্ৰী জনে কয় যে, এই ব্যৱস্থাৰ জড়িয়তে ৰাজ্যৰ সকলো স্বাস্থ্যকেন্দ্ৰত উপলব্ধ হ'ব বিনামূলীয়া লেব'ৰেটৰী সেৱা। যাৰ বাবে সমাজৰ সকলো লোকে চিকিৎসাৰ ক্ষেত্ৰত পাব সম-মৰ্যাদা। ইফালে, এই অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা।