/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/dd8e45cc-c727-4934-8b6e-9821b6cb455d/8.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: অলপতে ইহসংসাৰৰ পৰা বিদায় লোৱা ৩গৰাকী সাংবাদিক ক্ৰমে 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ উপদেষ্টা প্ৰফুল্ল কুমাৰ দত্ত, সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৃত্যুৰ আগমুহূৰ্তলৈকে উপদেষ্টা হিচাপে আসন অলংকৃত কৰা অৰুণলোচন দাস আৰু জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ সোঁৱৰণত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a1f85052-295b-4f9d-8721-fcde3f8c16ee/a76fcaee_1aef_4087_84e9_d08718882647.jpg)
‘আমাৰ অসম’ কাকতৰ কাৰ্য্যবাহী সম্পাদক তথা 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ উপ-সভাপতি গৌতম শৰ্মাই আঁত ধৰা অনুষ্ঠানটি প্ৰয়াত অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনৰ লগতে প্ৰয়াত ৩গৰাকী সাংবাদিকৰ প্ৰতি ১ মিনিট সময় মৌন প্ৰাৰ্থনাৰে আৰম্ভ হয়। অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাই সাংস্কৃতিক সাংবাদিক ২গৰাকীক স্মৰণ কৰি তেওঁলোকৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অৰুণলোচন দাসৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্কৰ কথা সুঁৱৰি স্মৃতিগধুৰ হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/58c3fe31-be45-469a-8866-db65e5cafcd0/580dc48b_a1c2_4ef5_9e64_15f234e10265.jpg)
তেওঁ কয় যে, প্ৰয়াত অৰুণলোচন দাসৰ সৃষ্টিৰাজি উত্তৰপুৰুষৰ বাবে অমূল্য সম্পদ । জীৱিত কালত বেলেগক কলমেৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগোৱা এইগৰাকী সাংবাদিকৰ পৰলোকপ্ৰাপ্তি সমাজৰ বাবে ক্ষতিকাৰক বুলি যশস্বী পৰিচালগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ উপদেষ্টা উৎপল দত্তই প্ৰয়াত প্ৰফুল্ল কুমাৰ দত্তৰ জীৱন পৰিক্ৰমা তথা ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰে। এইগৰাকী সাংস্কৃতিক সাংবাদিকেৰে ঘটা বহু ঘটনা-পৰিঘটনা ৰসালভাবে ব্যক্ত কৰে দত্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/334fb47a-43a9-4503-b8d8-9c4c5bd66cb8/4aa906a0_5969_4944_b512_285c7c1b6306.jpg)
উল্লেখ্য যে, একেটা অনুষ্ঠানতেৃ 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ তৰফৰ পৰা প্ৰয়াত অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্তৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা 'সোঁৱৰণ' শীৰ্ষক এখনি স্মৰণিকা সম্পাদনা সমিতিৰ দ্বাৰা প্ৰকাশ কৰি ওলোৱা হয় । সাংবাদিক মৃণাল কুমাৰ বৰা, মণ্টু শইকীয়া, হেমন্ত শৰ্মা আৰু পল্লভ দ্বীজেনে সম্পাদনা কৰি ওলোৱা আলোচনীখন উন্মোচন কৰে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা ৰাজ্যিক তথ্য আয়োগৰ বৰ্তমানৰ মুখ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই। ২গৰাকী দ্বিগ্বজ সাংস্কৃতিক সাংবাদিকৰ জীৱন পৰিক্ৰমাক কম সময়ৰ ভিতৰত এনেকৈ আলোচনীৰ আকাৰত উলিয়াই তেওঁলোকৰ বাবে যি শ্ৰদ্ধা নিবেদন কৰিছে সেয়া প্ৰসংশনীয় বুলি উল্লেখ কৰি উন্মোচক ভাস্কৰজ্যোতি মহন্তই এই কামৰ শলাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c88f4b83-f02b-42af-9e77-481aacfb3761/d1a47f2e_2d1d_4202_a752_b182d04eacb7.jpg)
অনুষ্ঠানত 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ সভাপতি বিতোপন বৰবৰাই দুয়োগৰাকী সাংস্কৃতিক সাংবাদিকৰ বিষয়ে বক্তব্য আগবঢঢ়োৱাৰ লগতে সদ্যপ্ৰয়াত ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ জীৱনাদৰ্শৰ বিষয়েও আলোকপাত কৰে । মঞ্চত উপস্থিত থকা অভিনেতা তথা পৰিচালক যতীন বৰাই অৰুণলোচন দাসৰ বিয়োগ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে ক্ষতিকাৰক বুলি দুঃখপ্ৰকাশ কৰি কয়, “আজিৰ তাৰিখত হয়তো যতীন বৰা এজন সফল অভিনেতা হিচাপে থিয় হোৱাৰ আঁৰৰ মানুহজন হ’ল প্ৰয়াত অৰুণলোচন দাস । মোৰ প্ৰথম ছবি ‘উত্তৰকাল’ৰ সময়ত অৰুণলোচন দাসৰ ঘৰৰ কাষতেই মই আছিলোঁ । মহানায়ক বিজু ফুকনৰ ঘৰলৈ এদিন লৈ গৈ প্ৰথম পৰিচয় কৰি দিয়া আৰু ‘দেউতা’ ছিৰিয়েলত কাষ্টিং কৰি দিয়াত সহায় কৰা মানুহজনেই আছিল অৰুণলোচন দাস, যিটো মোৰ বাবে আছিল এটা টাৰ্ণিং পইণ্ট“।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/61ab5eb2-c8fd-4f4f-8b4b-f8b52f394267/16b429a5_2e30_4f92_a985_7a6bb1c27b73.jpg)
অৰুণলোচন দাসৰ অনুপম সৃষ্টি লাইমলাইট ফিল্ম ডাইৰেক্টৰীৰ পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰাৰ বাবে সাংস্কৃতিক সাংবাদিক সন্থা, অসমক দায়িত্ব ল’বৰ বাবে আহ্বান জনোৱাৰ লগতে যতীন বৰাই ইয়াত ব্যক্তিগতভাবে সম্পূৰ্ণ সহযোগ কৰিব বুলিও আজিৰ অনুষ্ঠানতেই মন্তব্য কৰে। ইপিনে, অনুষ্ঠানত উপস্থিত হৈ একালৰ সাংবাদিক আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটায়ো আজিৰ স্মৃতিচাৰণ সভাত বক্তব্য প্ৰদান কৰে। অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্ত কায়িকভাৱে আজি নাথাকিলেও তেওঁলোকৰ সৃষ্টিৰাজিৰ জৰিয়তেই দুয়ো চিৰদিনলৈ সকলোৰে মনত সজীৱ হৈ থাকিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।
উল্লেখযোগ্য যে, শনিবাৰৰ অনুষ্ঠানত অসমৰ সংবাদ আৰু সাংস্কৃতিকজগতৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। উল্লিখিত ব্যক্তিসকলৰ উপৰি শনিবাৰৰ অনুষ্ঠানত উপস্থিত আছিল অশোক কুমাৰ বিষয়া, কমললোচন দাস, নয়ন প্ৰসাদ, মইনুল হক, ধীৰাজ কাশ্যপ, ৰাজেন ৰাজখোৱা, মাধুৰিমা চৌধুৰী, নিশিতা গোস্বামী, কৃপাল কলিতা, বীৰেন হাজৰিকা, হেমন্ত দেবনাথ, প্ৰদ্যুত কুমাৰ ডেকা, শুভেশ্বৰ দাসৰ লগতে অআন বহুকেইগৰাকী শিল্পী।
সন্থাৰ দুয়োগৰাকী প্ৰয়াত উপদেষ্টাৰ পৰিয়ালৰ হৈ উপস্থিত থাকে কমললোচন দাস, যুগললোচন দাস, সোণালী দত্ত, উজ্বীৱন দত্ত, জোনালী দাস, তীতিক্ষা দাসৰ উপৰি কেবাজনো আত্মীয়। সভাৰ শেষত সন্থাৰ সাধাৰণ সম্পাদক শিবাণু বৰাই আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আজিও অটুট থকা শিল্পী-সাংবাদিকসকলৰ আত্মিক সম্পৰ্কৰ কথা নিজৰ বক্তব্যত উল্লেখ কৰে ।
'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা 'সোঁৱৰণ' শীৰ্ষক স্মৰণিকাখন ছপাৰ দায়িত্ব বহন কৰাৰ বাবে এ এম টেলিভিছনৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণকো সন্থাই বিশেষভাবে ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে । স্মৰণিকাখনৰ বেটুপাতটি অংকণ কৰা সন্থাৰ সদস্য তথা সুদক্ষ চিত্ৰশিল্পী প্ৰদীপ নাথকো সন্থাই ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত উপস্থিত থকা ভালেকেইগৰাকী শিল্পী-সাংবাদিকেও তেওঁলোকৰ বক্তব্যত প্ৰয়াত সাংবাদিক দুগৰাকীৰ সৈতে থকা তেওঁলোকৰ ঘনিষ্ঠতা তথা তেওঁলোকৰ জীৱনৰ বহু নজনা কথা উল্লেখ কৰে ।
Also Read: কাছাৰত শিলৰ কোৱেৰীৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি নিলে ৩ চালকক