ডাঃ সংগীতা দত্তৰ শিশু নিৰ্যাতনে পোহৰলৈ আনিছে ভয়ংকৰ তথ্যঃ চিকিৎসা কৰ্মী জড়িত আছে অবৈধ শিশু সৰবৰাহত...

ডিজিটেল ডেস্কঃ চিকিৎসক দম্পত্তি ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ শিশু নিৰ্যাতনৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছত এটা এটাকৈ আন আন বহু বিস্ফোৰক তথ্য প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে। এই ঘটনাৰ আলমতে এতিয়া পোহৰলৈ আহিছে ৰাজ্যত অব্যাহত থকা শিশু সৰবৰাহৰ এক ভয়াৱহ ঘটনা।

সংগীতা দত্ত আৰু ৱালিউল ইছলামক দুই তুলনীয়া সন্তান অবৈধ ভাৱে যোগান ধৰিছিল গুৱাহাটীৰে এগৰাকী আশা কৰ্মীয়ে ! শিশু সৰবৰাহৰ সৈতে জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হোৱা এই আশা কৰ্মীগৰাকীৰ নাম লাল বানু বেগম।

লাল বানুৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ ঘৰৰ কাষৰীয়া লোকে। কেৱল সংগীতা দত্তকে নহয় আন আন লোককো তেওঁ যোগান ধৰিছে অবৈধ ভাৱে শিশু !

উল্লেখ্য যে, সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ শিশু নিৰ্যাতনৰ ঘটনাৰ তদন্ত অব্যাহত থকাৰ মাজতে শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুগৰাকীকৈ আশা কৰ্মী। ইয়াৰে এগৰাকী আশাকৰ্মী ধীৰেনপাৰা এফ আৰ ইউৰ লাল বানু বেগম আৰু আনগৰাকী পাণ্ডুৰ এফ আ ইউৰ চুবেৰা।

এই দুয়োগৰাকী আশাকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে সংগীতা দত্তৰ সহায়ক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি এই দুয়োগৰাকী আশা কৰ্মীকে জেৰা অব্যাহত ৰাখিছে। তদন্ত সঠিক ভাৱে আগবাঢ়িলে যে আগন্তুক সময়ত ৰাজ্যত চলি থকা ভয়ংকৰ শিশু সৰবৰাহৰ এক বৃহৎ চক্ৰ পোহৰলৈ আহিব সেয়া নিশ্চিত।

ডাঃ সংগীতা দত্তৰ শিশু নিৰ্যাতনে পোহৰলৈ আনিছে ভয়ংকৰ তথ্যঃ চিকিৎসা কৰ্মী জড়িত আছে অবৈধ শিশু সৰবৰাহত...
ডাঃ সংগীতা দত্ত সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য, আসুৰিক নিৰ্যাতন চলাইছিল সন্তানক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in