Advertisment

সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ দীপক কুমাৰ শৰ্মাক সম্বৰ্ধনা

আজি সদ্য ঘোষিত অতি সন্মানীয় সংস্কৃত ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ দীপক কুমাৰ শৰ্মাক মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ দীপক কুমাৰ শৰ্মাক সম্বৰ্ধনা

ডিজিটেল সংবাদ গুৱাহাটীঃ আজি সদ্য ঘোষিত অতি সন্মানীয় সংস্কৃত ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপক মহানগৰীৰ জালুকবাৰীৰ কৈলাশপুৰৰ বাসিন্দা, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপ‌‌‌ক তথা প্ৰাক্তন উপাচাৰ্য ড০ দীপক কুমাৰ শৰ্মাক নিজ বাসভৱনত "মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসম"ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। জীৱন- দৰ্শন অধ্যয়ন সমিতিৰ প্ৰধান সম্পাদক, সাংবাদিক দীপক শৰ্মাই আঁতধৰা অনুষ্ঠানত সমিতিৰ সভাপতি তথা ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কোষাধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ তাৰিণী কান্ত গোস্বামী, মুখপাত্ৰ শৈলেন তালুকদাৰ, কাৰ্যনিৰ্বাহ সদস্যা পুতুলী ঠাকুৰীয়া মেধিৰ লগতে হাজো সুৰেন দাস মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ মীনা‌ দেৱীয়ে অংশগ্ৰহণ কৰে।

Advertisment

সম্বৰ্ধনা গ্ৰহণ কৰি ড০ দীপক কুমাৰ শৰ্মাই কয়- "আজি মই পৰম সন্তোষ পালোঁ। প্ৰতিজন মানুহে কাম‌ কৰি যাব লাগে। এই সন্মানে মোক আৰু অধিক কাম কৰি যাবৰ  প্ৰেৰণা যোগালে।"

ড০ শৰ্মাই আৰু কয়, "নতুন প্ৰজন্মই সংস্কৃত ভাষা চৰ্চা কৰিব লাগে। সাহিত্যৰ পথাৰখন বৰ সৰল।মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাৰ চিন্তা -চেতনা, দৰ্শন অতি সুন্দৰ।" সভাত অংশগ্ৰহণ কৰি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কয়, "ড০ দীপক কুমাৰ শৰ্মাৰ কৃতিত্বই আমাক মোহান্বিত কৰিলে।" ড০ শৰ্মাক ফুলাম গামোচা, কিতাপৰ‌ টোপোলা, প্ৰশস্তি পত্ৰ আদিৰে সম্ভাষণ জনায়।

সাহিত্য একাডেমী দীপক শৰ্মা