/asomiyapratidin/media/media_files/2024/12/01/hCsxWQCbD6IgXrOBCeNf.png)
ডিজিটেল ডেস্কঃ ৯ গৰাকী উদ্যোগী মহিলা। উদ্যোগী হিচাপে আত্মপ্ৰতিষ্ঠাৰ উপৰিও আন উদ্যোগী মহিলাসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই মহিলাসকলে আগভাগ লৈছে। গঠন কৰিছে সহায়িকা-২৩ নামৰ এটা গোট।
এই সহায়িকা-২৩ ৰ জৰিয়তে তেওঁলোকে বিভিন্ন বাণিজ্য মেলাত অংশগ্ৰহণ কৰাৰ লগতে এখন বজাৰ সৃষ্টিৰ সন্ধানত আছে। তেওঁলোকৰ দ্বাৰা উতপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ বাবেই তেওঁলোকে এই পৰিকল্পিত পদক্ষেপ গ্ৰহণ কৰিছে।
এই মহিলা উদ্যোগীৰ দলটোৰ প্ৰতিগৰাকী সদস্যই একোগৰাকী সফল আৰু প্ৰতিষ্ঠিত উদ্যোগী হোৱাৰ আশাৰেই নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডত অংশগ্ৰহণ কৰিছে। এই সন্দৰ্ভত সহায়িকা-২৩ ৰ অন্যতম অংশীদাৰ অদীতি গোঁহাই ফুকনে আমাৰ আগত কয়, উত্তৰ পূৱ হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে অসমৰ উদ্যোগী মহিলাসকলৰ বাবে গ্ৰহণ কৰা তেজস্বিনী আছাম আইডিয়াথন-২০২৪ ত শীৰ্ষ ১০ টা স্থান লাভ কৰাৰ পাছতে আমি একত্ৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। ২০২৪ ৰ ছেপ্টেম্বৰত আমি একেটা ছাতিৰ তললৈ আহোঁ।
তেওঁ কয়, আমি জন্ম হৈয়ে খোজ কাঢ়িবলৈ শিকিছো। আমি আমাৰ এই উদ্যোগী যাত্ৰাৰে উৰিবলৈয়ো সক্ষম হম বুলি আমি বিশ্বাসী। আমি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগী মহিলাসকল একত্ৰিত ভাৱে আগুৱাই যোৱাৰ বাবে চেষ্টা কৰিছো। আমাৰ সামগ্ৰীৰ সৈতেই আন আন উদ্যোগী মহিলাৰো সামগ্ৰী বিক্ৰীৰ বাবে ঠাই উলিয়াই দিছো।
অদীতি গোঁহাই ফুকন নামৰ এইগৰাকী মহিলাই অসমৰ বিভিন্ন থলুৱা ফলমূলৰ পৰা সুৰা প্ৰস্তুত কৰিছে। সেইদৰে এই গোটৰ আন আন অংশীদাৰ গায়ত্ৰী বৈশ্য, অৰ্চনা দাস, চিন্ময়ী ৰাজকুমাৰী, চয়নিকা ডেকা, নয়না বৰা আৰু ৰোহী বেগম আদিয়েও তেওঁলোকৰ দ্বাৰা উতপাদিত বিভিন্ন সাজ-সজ্জা, অলংকাৰ, খাদ্য, আচাৰ আদি বিক্ৰীৰ বাবে আনিছে আৰু ৰাইজৰো সহাৰি পাইছে।
তেওঁলোকে জনোৱা মতে উত্তৰ পূৱ হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে এই মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ লগতে অন্যান্য ধৰণেও সহায় কৰি আহিছে। তেওঁলোকে ইয়াৰ বাবে NEHHDC ক ধন্যবাদো জ্ঞাপন কৰিছে।