বিদ্যালয়ত বৰ্ধিত অপৰাধৰ বাবে কামৰূপ মহানগৰ জিলাত সুৰক্ষামূলক ব্যৱস্থা...

নিচাযুক্ত দ্ৰব্য, চোকা অস্ত্ৰ লগত ৰাখিব নোৱাৰিব শিক্ষাৰ্থীয়ে

author-image
Asomiya Pratidin
New Update
বিদ্যালয়ত বৰ্ধিত অপৰাধৰ বাবে কামৰূপ মহানগৰ জিলাত সুৰক্ষামূলক ব্যৱস্থা...

বিদ্যালয়ত বৰ্ধিত অপৰাধৰ বাবে কামৰূপ মহানগৰ জিলাত সুৰক্ষামূলক ব্যৱস্থা...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সৰ্ব শিক্ষা অসম, কামৰূপ মহানগৰ জিলা, জিলা অভিযান সমন্বয়ক তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক দিপীকা চৌধুৰীয়ে Memo No.:SSA/KAM(M)/TTDispatch/2013/40/ 1674 ৰ জৰিয়তে এক নিৰ্দেশনা জাৰি কৰি কয় যে, কোনো শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ অস্ত্ৰ, শস্ত্ৰ লগত লৈ যাব নোৱাৰিব।

Advertisment

মহানগৰীৰ বিদ্যালয় প্ৰধানসকলক উদ্দেশ্যি জাৰি কৰা এই কঠোৰ নিৰ্দেশনাত লগতে কোৱা হৈছে যে, কোনো শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ লগত চোকা অস্ত্ৰ নিবা নোৱাৰিব। তাৰোপৰি গুটখা, চিগাৰেট, চাদা, চিগাৰেট,ড্ৰাগছ আদিৰ দৰে মাদক দ্ৰব্য যাতে সৰবৰাহ কৰিব নোৱাৰে তাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিব লাগিব।

পাঠদানৰ পূৰ্বে বিদ্যালয়ত সকলো শিক্ষাৰ্থীৰ বেগসমূহ তালাচী কৰিব লাগিব। যদিহে শিক্ষাৰ্থীক বেগত বা তেওঁলোকৰ লগত তেনে অখাদ্য, মাদকদ্ৰবা বা চোকা অস্ত্ৰ আদি উদ্ধাৰ হয় তেন্তে ততকালীনভাৱে অভিভাৱকো অৱগত কৰিব লাগিব। এই সুৰক্ষামূলক ব্যৱস্থা অবিৰত ভাৱে প্ৰতিদিনেই অব্যাহত ৰাখিবলৈয়ো কঠোৰভাৱে কোৱা হৈছে নিৰ্দেশনাত।

Also Read: অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ...

বিদ্যালয় সৰ্বশিক্ষা অপৰাধ