/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b56b9e13-f75a-4e6c-adc6-81e641d2bac6/rongali_22.jpg)
দ্বীপেন বৰুৱাক ৰঙালীৰ মঞ্চত জীৱনজোৰা সাধনা বঁটা প্ৰদানঃ আজি আছে 'এনিমেল'খ্যাত ৰাঘৱ চৈতন্যৰ অনুষ্ঠান..
ডিজিটেল ডেস্কঃ গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসমৰ সৰ্ববৃহৎ অনুষ্ঠান ৰঙালীৰ অষ্টম সংস্কৰণ। ২১ জুন দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানৰ আৰম্ভণি ঘটে যোগা প্ৰদৰ্শনেৰে। অনুষ্ঠানৰ নেতৃত্ব লয় বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ কন্যা তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগ প্ৰশিক্ষক জে এন তুলিকাই।
তেখেতৰ প্ৰচেষ্টাত গঢ় লৈ উঠা বেচৰকাৰী সংস্থা য়ুজ ৱেলনেচনৰ তত্ত্বাৱধানত প্ৰায় ডেৰ ঘণ্টা সময় ৪০০ৰো অধিক যোগাভ্যাসকাৰীয়ে যোগৰ বিভিন্ন আসনসমূহ প্ৰদৰ্শন কৰে। লগতে লাইভ ষ্ট্ৰিমৰ জৰিয়তে দেশ বিদেশৰ বহু যোগ অনুৰাগীয়ে এই অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানটোত উপস্থিত থাকে এন কে নিউজ প্লাছৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, ৰঙালীৰ উদ্যোক্তা শ্যামকানু মহন্ত, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব চবিন ৰাজখোৱা ইত্যাদি বিশিষ্ট ব্যক্তিসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/933fef72-fba5-4ace-a3f0-d290cd23c8c0/448962897_980394293540901_2836710104962384334_n.jpg)
সন্ধিয়া ৰঙালীৰ অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই। তেখেতে ভাষণ প্ৰসংগত ৰঙালীয়ে উদ্যমীতা আৰু পৰ্যটনৰ সমল সৃষ্টি আৰু প্ৰতিভা বিকাশৰ জৰিয়তে সৃষ্টিশীলতাৰ এক বৃহৎ মঞ্চ সৃষ্টি কৰাৰ বাবে উদ্যোক্তা শ্যামকানু মহন্তক ধন্যবাদ জনায়। লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগিতাৰ কথাও উল্লেখ কৰে।
গোলাব চান্দ কাটাৰিয়াই আৰু বহু বেছি পৰ্যটকৰ আগমণৰ বাবে ৰঙালীক দেশৰ বিভিন্ন অঞ্চলত জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা হাতত ল'ব লাগে বুলিও কয়। তদুপৰি ৰাজ্যপাল কাটাৰিয়াই আয়োজকসকলৰ প্ৰশংসা কৰি ৰঙালীৰ অষ্টম সংস্কৰণত "জীৱনজোৰা সাধনা বঁটা" এক অভিনৱ সংযোজন বুলি মন্তব্য কৰে।
সন্ধিয়াৰ মুখ্য অনুষ্ঠান ৰঙালী মিউজিক এৱাৰ্ডত ৰাজ্যপাল কাটাৰিয়াই অসমৰ স্বনামধন্য কন্ঠশিল্পী দ্বীপেন বৰুৱাক 'জীৱনজোৰা সাধনা বঁটা' প্ৰদান কৰে। এই বঁটাত তেখেতলৈ এখন এড়ী কাপোৰ, ১ লাখ ৫১ হাজাৰ টকাৰ চেক আৰু ৰঙালীৰ চিহ্ন সম্বলিত এটা স্মাৰক আগবঢ়োৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3820a04a-b536-44f0-8db6-a8c1502b66ec/448678999_980394343540896_473434476687114048_n.jpg)
গুৱাহাটীৰ বিখ্যাত বৰুৱা পৰিয়ালত ১৯৪৫ চনত জন্মগ্ৰহণ কৰা দ্বীপেন বৰুৱাৰ সংগীত যাত্ৰাৰ আৰম্ভণি হৈছিল ১৯৬৮ চনত। জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত ডক্তৰ বেজবৰুৱা ছবিৰ জৰিয়তে তেওঁ সংগীত জগতত প্ৰৱেশ কৰিছিল। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই। এই ছবিখনৰ 'কি নাম দি মাতিম', 'জিলিকি জিলিকা তৰা আকাশৰে', 'মইনা কোন বিধাতাই স্ৰজিলে', 'ফুল ফুল ফুল', শীৰ্ষক চাৰিটা গীতত কন্ঠদান কৰি ইতিহাস সৃষ্টি কৰিলে।
কেৱল ৭০-৯০ৰ দশকতেই নহয় দ্বীপেন বৰুৱাৰ গীত মানেই আজিও নতুন শ্ৰোতাৰ মনত শিহৰণ। বঁটা গ্ৰহণ কৰি বৰুৱাই ৰঙালীৰ আয়োজনত আনন্দ প্ৰকাশ কৰি জীৱনজোৰা বঁটাৰ বাবে বাছনি কৰাৰ বাবে ৰঙালীৰ উদ্যোক্তা শ্যামকানু মহন্তক ধন্যবাদ জ্ঞাপন কৰে। দ্বীপেন বৰুৱাই লগতে এনে ধৰণৰ সমাজমুখী অনুষ্ঠানসমূহ ভৱিষ্যতেও সুকলমে সম্পন্ন হৈ থাকিবলৈ ৰঙালীক শুভেচ্ছা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f07fe32a-77e0-4003-9eed-20c083b87ea3/448774011_980394406874223_2596308859734130008_n.jpg)
ৰঙালী মিউজিক এৱাৰ্ডৰ অন্যান্য প্ৰতিযোগিতামূলক শিতানসমূহত 'আগানৰ গান'ৰ বাবে ঠেঙাল জ্যোতি স্বপ্নক শ্ৰেষ্ঠ গীতিকাৰ, 'শিতানৰে গাৰু'ৰ বাবে ৰাণা বুঢ়াগোঁহাইক শ্ৰেষ্ঠ সংগীত পৰিচালক, 'অধিকাৰ'ৰ বাবে তন্ময় শইকীয়াক উদীয়মান গায়ক, 'বহুদিন হ'ল'ৰ বাবে জোনাকী মনক শ্ৰেষ্ঠ গায়ক (পুৰুষ), 'বাউলী ফাগুন'ৰ বাবে শতাব্দী খাটনিয়াৰক শ্ৰেষ্ঠ গায়ক (মহিলা), 'ক'লা বগা'ৰ বাবে মিনিমিক শ্ৰেষ্ঠ ৰেপাৰৰ বঁটা দিয়া হয়। আনহাতে বৰ্ষশ্ৰেষ্ঠ জনপ্ৰিয় গীতৰ শিতানত ৰাইজৰ ভোটত শ্ৰেষ্ঠ বিবেচিত হয় প্ৰাণদ্বীপৰ 'যুদ্ধ'। ৰঙালী মিউজিক এৱাৰ্ডৰ বিচাৰকৰ ৰূপত আছিল অসমৰ গৌৰৱ গীতিকাৰ, সংগীত পৰিচালক ইবছন লাল বৰুৱা আৰু প্ৰসিদ্ধ সংগীত পৰিচালক তথা সুৰকাৰ যতীন শৰ্মা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b09fd854-b0ae-4e31-8fc1-0281cae1f99c/448823071_980394303540900_4954480408173289731_n.jpg)
ৰঙালী সন্দৰ্ভত মুখ্য আয়োজক শ্যামকানু মহন্তই উল্লেখ কৰে যে শনিবাৰে অৰ্থাৎ ২২ জুনৰ সন্ধিয়া বলিউডৰ বিখ্যাত শিল্পী 'এনিমেল' খ্যাত ৰাঘৱ চৈতন্য আৰু দেওবাৰে জুবিন গাৰ্গৰ লগতে থাকিব ভাৰতৰ শ্ৰেষ্ঠ ৰক বেণ্ড নালায়কৰ প্ৰদৰ্শন। লগতে আছে 'পুষ্পা'খ্যাত প্ৰসিদ্ধ গায়ক আৰু সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদ।
সমগ্ৰ প্ৰচেষ্টাটোত অসমৰ বহু জাতি জনগোষ্ঠী জড়িত হৈছে আৰু এই কথাটোত আমি আনন্দিত। লগতে বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, উন্নয়ন পৰিষদ, অসম চৰকাৰ আৰু বিশেষকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা বহুখিনি সহযোগিতা পোৱাৰ কথাও মহন্তই উল্লেখ কৰে। ৰঙালীক এক জাগৰণত পৰিণত কৰাৰ বাবে শ্যামকানু মহন্তই ৰাইজক ধন্যবাদ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fc8ae6b6-1bd1-4404-9515-b0783ce15213/448890467_980393796874284_1462988800482332752_n.jpg)
ৰঙালীৰ আন এক উল্লেখযোগ্য বাৰ্তা ইয়াৰ লোক মঞ্চত চুতীয়া, বড়ো, ৰাভা, কাৰ্বি, সোণোৱাল কছাৰী, চাহ জনগোষ্ঠীকে ধৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে ৰহনীয়া সংস্কৃতিৰ প্ৰদৰ্শন। 'পদ্মশ্ৰী' হেমপ্ৰভা চুতীয়াৰ তাঁতশাল, চুতীয়া জনগোষ্ঠীৰ এলেং ঘৰ, ৰাতি বিহু, গছ বিহু আদিৰে সমৃদ্ধ এই প্ৰদৰ্শনীয়ে অলেখ দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3b18f5b3-1cf4-4c9b-a6ee-455a84ae5a23/448760377_980394466874217_6091443950117186739_n.jpg)
এই প্ৰদৰ্শনী অহা ২৩ মে' অৰ্থাৎ অনুষ্ঠানৰ অন্তিম দিনলৈকে অনুষ্ঠিত হ'ব। জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ পয়োভৰৰ লগতে ইয়াত অনুষ্ঠিত হৈছে ক্ষুদ্ৰ ব্যৱসায়ী সকলক অনুপ্ৰেৰণা জগাব পৰাকৈ 'ভকেল ফৰ ল'কেল' প্ৰদৰ্শনী। লগতে আছে আৰ্ট, হিপ হপ আৰু অসংখ্য অনুষ্ঠানৰ সমাহাৰ। সুকলমে পাৰ হৈ যোৱা ৰঙালীৰ প্ৰথম দিনটোত বতৰে প্ৰতিকুলতাৰ সৃষ্টি কৰিছিল যদিও এই প্ৰতিকুলতাক নেওচি ৰঙালী ৰঙীন হৈ উজলি উঠে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6abd42bf-33f9-4313-871d-436b831f1ef6/448816582_980394173540913_1690385423452409209_n.jpg)
Also Read: তুৰস্কৰ বিৰুদ্ধে পৰ্তুগালৰ ৰনাল্ডোৱেই ভৰসাঃ ৰোমানিয়াৰ সৈতে বেলজিয়ামৰ মৰণপন যুঁজ...