/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4b949947-ea2d-4b33-bfb7-9bab5258c752/7.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ আগৰ কেইবছৰৰ দৰে এইবাৰো মে' মাহৰ ১ তাৰিখে গুৱাহাটীৰ চিন্ময় মিছন কেন্দ্ৰত 'ব'হাগৰ সম্প্ৰীতি উৎসৱ' পালন কৰা হয়। উৎসৱ উপলক্ষে অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰধান ৰমেশ চন্দ্ৰ জৈন আৰু অসম সাহিত্য সভাৰ উপ-সভাপতি শ্ৰীযুতা মৃণালিনী দেৱী ক্ৰমে মুখ্য অতিথি আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3b6fcc08-c571-4f86-bbf9-7cc264708b6a/6a89354b_0220_4d83_abce_fb6a2e07c075.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5f8d1221-2854-4c11-ac44-a183749db28e/8fe8cc91_d901_46d6_b2f9_af89e3565f92.jpg)
ৰমেশ চন্দ্ৰ জৈনে বিহুৰ পৰম্পৰা আৰু লগতে বৰ্তমানৰ নতুন শিক্ষা পদ্ধতি সম্পৰ্কে আলোকপাত কৰে। সন্মানীয় অতিথি শ্ৰীযুতা মৃণালিনী দেৱীয়ে বিহুৰ আধ্যাত্মিকতা, পৰম্পৰাগত পদ্ধতি আৰু সমসাময়িক সময়ত বিহুৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সম্পৰ্কে এটা নাতিদীৰ্ঘ ভাষণ আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ca0cbc99-bc99-4226-8fe0-d84541481845/a25a8787_b9b4_4b75_ab5b_b6c72e58a1db.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/80b65980-2028-45b4-8777-54b1c36d48e2/6a8bb874_4af1_4332_8782_ee80b7cebe1d.jpg)
চিন্ময় মিছনৰ আৱাসিক আচাৰ্যা ব্ৰহ্মচাৰিণী অনন্যা চৈতন্যই বিহু বা যিকোনো উৎসবৰ সাৰটোৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলি উল্লেখ কৰে। চিন্ময় মিছনৰ সভাপতি ৰাম স্বৰূপ যোশীয়ে অতিথিদ্বয়, উপস্থিত দৰ্শক, শিল্পী আৰু অভিভাৱকসকলক শলাগৰ শৰাই আগবঢ়ায়। সম্প্ৰীতি বিহু হুঁচৰি, সত্ৰীয়া নৃত্য, বাৰেবহনীয়া জন গোষ্ঠীয় নৃত্য আৰু জেং বিহু সম্প্ৰীতি উৎসৱৰ মূল আকৰ্ষণ আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3090bdbf-7f02-4efe-9e76-4662e6a9edd0/6b0b02aa_dbbd_40d7_bfc3_c621ae4c1a48.jpg)
Also Read: জিলা প্ৰশাসনৰ নিৰ্দেশনা : ডিমা হাচাওত বন্ধ শিক্ষানুষ্ঠান...