Advertisment

ছয়মাইলত ভয়ংকৰ দুৰ্ঘটনাঃ দুই যুৱক-যুৱতী নিহত...

গুৱাহাটী মহানগৰীত আজি পুনৰ সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ সমীপৰ উৰণ সেতুত সংঘটিত হৈছে এই দুৰ্ঘটনা। 

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত আজি পুনৰ সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ সমীপৰ উৰণ সেতুত সংঘটিত হৈছে এই দুৰ্ঘটনা। 

Advertisment

দুৰ্ঘটনাৰ ফলত দুজনকৈ লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোক দুজনৰ এজন যুৱক আৰু আনগৰাকী যুৱতী। যুৱকজন আছিল এগৰাকী ৰেপিড' চালক। 

নিহত যুৱকজন নলবাৰীৰ চাপলাকুছিৰ ৰঞ্জিত ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ বিপৰীতে যুৱতীগৰাকী এতিয়াও চিনাক্ত হোৱা নাই। 

জানিব পৰা মতে আন কোনো বাহনে তেওঁলোকক খুন্দা মাৰি পলাই যায়। ফলত থিতাতে নিহত হয় ৰেপিড' ৰাইডাৰ ৰঞ্জিত ৰাজবংশী। আনহাতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নিহত হয় যুৱতীগৰাকী। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এ এছ ০১ বি ইউ ৭৬০১। 

পথ দুৰ্ঘটনা