/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
মহানগৰীত দুটাকৈ পথ দুৰ্ঘটনাঃ থিতাতে নিহত মহিলা, আহত কেইবাজনো...
মহানগৰীৰ ৰাষ্ট্রীয় ঘাইপথত দুটাকৈ পথ দুৰ্ঘটনা।
লালমাটিত এখন বাছে মহটিয়াই নিলে এগৰাকী মহিলাক।
এই পৰ্যন্ত চিনাক্ত হোৱা নাই নিহত মহিলাগৰাকী।
ৰাষ্ট্রীয় ঘাইপথ পাৰ হ’বলৈ লওতেই সংঘটিত এই দুৰ্ঘটনা।
আনটো দুৰ্ঘটনা সংঘটিত কৰে এখন স্ক’ৰপিঅ’ বাহনে।
নিয়ন্ত্রণ হেৰুৱাই স্ক’ৰপিঅ’ বাহনখনে খুন্দা মাৰে এজন লোকক।
বাহনখনে মহটিয়াই নিয়ে দুখন দুচকীয়া বাহনো।
দুৰ্ঘটনাটোত আহত হয় স্ক’ৰপিঅ’খনৰো দুজন যাত্রী।
সুৰামত্ত অৱস্থাত আছিল স্ক’ৰপিঅ’খনৰ চালক।
Also Read: শিলচৰত বুজন পৰিমাণৰ চুৰি সামগ্ৰীসহ ১৭ টা চোৰ গ্ৰেপ্তাৰ...