/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
পুনৰ গুৱাহাটীত দুৰ্ঘটনাঃ লখিমপুৰৰ বাহনে মহতিয়ালে কেইবাখনো বাহন...
-
পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত পথ দুৰ্ঘটনা।
-
এইবাৰ দুৰ্ঘটনাৰ স্থান শিলপুখুৰী।
-
তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহনে মহতিয়াই নিলে কেইবাখনও বাহন।
-
বাহনখনত আছিল চাৰিজনকৈ লোক।
-
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰে তিনিজনকৈ লোকে।
-
অৱশ্যে চালকগৰাকীক আটক কৰে আৰক্ষীয়ে।
-
দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ AS07B 9565।
-
দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত বাইক আৰু ৰখাই থোৱা ফ'ৰ্ড বাহন।
-
ফ'ৰ্ড বাহনখনত চিকিৎসালয়লৈ আহিছিল এটা পৰিয়াল।
-
সৌভাগ্য়ক্ৰমে তেওঁলোক বাহনখনৰ পৰা নামি যোৱাৰ পাছতে সংঘটিত হয় এই ঘটনা।
-
আনহাতে আহত হৈছে বাইক আৰোহী।
-
আহত বাইক আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ।
-
জানিব পৰা মতে সুৰাসক্ত অৱস্থাত আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজন।
Also Read: মহানগৰীত পথ দুৰ্ঘটনাত নিহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আৱাসৰ আৱাসী...