মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : তীব্ৰ সংঘৰ্ষত দুফাল হ'ল স্কুটী

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : তীব্ৰ সংঘৰ্ষত দুফাল হ'ল স্কুটী

author-image
Asomiya Pratidin
New Update
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : তীব্ৰ সংঘৰ্ষত দুফাল হ'ল স্কুটী

ডিজিটেল ডেস্কঃ মহানগৰীৰ নাৰেংগীৰ বীৰকুছিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বীৰকুছি হিন্দী হাইস্কুলৰ সমীপত এখন চাৰিচকীয়া বাহনত খুন্দা মাৰে তীব্র বেগী স্কুটীয়ে। এই সংঘৰ্ষৰ ফলত সম্পূৰ্ণৰূপে দুটা ভাগত বিভক্ত হৈ যায় দুৰ্ঘটনাগ্ৰস্ত স্কুটীখন।

Advertisment

সমান্তৰালভাৱে ক্ষতিগ্ৰস্ত হয় চাৰি চকীয়া বাহনখনো। জানিব পৰা মতে, এই দুৰ্ঘটনাৰ স্কুটীখনৰ এজন আৰোহী গুৰুতৰভাৱে আহত হৈছে। আনহাতে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে আনজন স্কুটী আৰোহী।

আহত স্কুটী আৰোহীজনৰ নাম বিষ্ণু বৰ্মন বুলি জানিব পৰা গৈছে। ইফালে এই সংঘৰ্ষৰ ফলত চাৰিচকীয়া বাহনখনৰ চালক নাৰায়ণ চুৱেদিও গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতদ্বয়ক চিকিৎসালয়লৈ প্রেৰণ কৰে।

Also Read: ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

road accident