কথমপি ৰক্ষা ! আকণ্ঠ সুৰাপান কৰি ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যৰ আগশাৰীৰ ক্ৰীড়া সংগঠকৰ...

কথমপি ৰক্ষা ! আকণ্ঠ সুৰাপান কৰি ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যৰ আগশাৰীৰ ক্ৰীড়া সংগঠকৰ...

author-image
Asomiya Pratidin
New Update
কথমপি ৰক্ষা ! আকণ্ঠ সুৰাপান কৰি ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যৰ আগশাৰীৰ ক্ৰীড়া সংগঠকৰ...

কথমপি ৰক্ষা ! আকণ্ঠ সুৰাপান কৰি ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যৰ আগশাৰীৰ ক্ৰীড়া সংগঠকৰ...

ডিজিটেল ডেস্কঃ বিশ্বকৰ্মা পূজাৰ নিশা ৰাজ্যৰ এগৰাকী আগশাৰীৰ ক্ৰীড়া সংগঠকে আকণ্ঠ সুৰাপান কৰি পথ দুৰ্ঘটনা কৰাৰ এক ঘটনা সংঘটিত হৈছে। সোমবাৰে নিশা প্ৰায় ৯-৪৫ বজাৰ পৰা ১০ বজাৰ ভিতৰত চানমাৰি উৰণীয়া সেতুত সংঘটিত হৈছে এই দুৰ্ঘটনা।

Advertisment

এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে, ক্ৰীড়া সংগঠকগৰাকীয়ে চলাই অহা টয়টা বাহনখনত থকা ৬ টাকৈ এয়াৰ বেগ খুলি যায়। জানিব পৰা মতে নিশা চানমাৰি উৰণীয়া সেতুত এ এছ ০১ এফ এল ৮৮৪৫ নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনত পাছফালৰ পৰা খুন্দা মাৰে এ এছ ০১ ই এ ১৯৬৪ নম্বৰৰ টয়টা বাহনখনে।

তীব্ৰ বেগত অহা টয়টাখনৰ খুন্দাত বহুদূৰলৈ চুচৰি যায় ছুইফট ডিজায়াৰখন। ফলত দুয়োখন বাহনৰে যথেষ্ট ক্ষতি সাধন হৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে ছুইফ্ট ডিজায়াৰখনত থকা দুই যুৱক বিপদমুক্ত হৈ বাহনখনৰ পৰা বাহিৰলৈ ওলাই আহে যদিও টয়টাখনৰ পৰা বহু সময়লৈ ওলাই অহা নাছিল চালকগৰাকী।

ইয়াৰ পাছতে দুৰ্ঘটনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ঘটনাস্থলীত গোটখোৱা লোকসকলৰ মাজত হুৱাদুৱা লাগে। সকলোৱে ধাৰণা কৰি লৈছিল বাহনখনৰ ভিতৰত হয়তো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি আছে চালকগৰাকী।

অৱশ্যে প্ৰায় ১৫ মিনিটৰ পাছত বাহনখনৰ দুৱাৰ খুলি ওলাই আহে চালকগৰাকী। তাৰ পাছতে স্পষ্ট হয় দৰাচলতে দুৰ্ঘটনা সংঘটিত কৰা ব্যক্তিজন অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্ত।

অতি ভদ্ৰ আৰু নম্ৰ বুলি পৰিচিত হোৱাৰ লগতে সুদক্ষ ক্ৰীড়া সংগঠক হিচাপে পৰিচিত অংকুশ দত্তই কি কাৰণতে এইদৰে আকণ্ঠ সুৰাপাণ কৰি নিশা বাহন চলাই এই পৰিস্থিতিৰ সূচনা কৰিলে তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। অসম টেনিছ সন্থাৰ দৰে এটা আগশাৰীৰ ক্ৰীড়া সংগঠনৰ সৈতে জড়িত হৈ থকা অংকুশ দত্তই সুৰা সেৱন কৰি এইদৰে দুৰ্ঘটনা সংঘটিত কৰা বিষয়টো সহজভাৱে ল'ব পৰা নাই ক্ৰীড়া অনুৰাগীয়ে।

Also Read: আজি নতুন সংসদ ভৱনত প্ৰৱেশ কৰিব সাংসদসকলঃ পুুৰণি সংসদ ভৱনত ফটো ছেচন...

পথ দুৰ্ঘটনা