কামৰূপ মহানগৰ জিলাৰ বেংকসমূহৰ কাম-কাজৰ পৰ্যালোচনা সভা...

অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাৰ অধ্যক্ষতাত বেংকসমূহৰ জিলা পৰামৰ্শদাতা সমিতি আৰু জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত বেংকসমূহৰ বিভিন্ন বিষয়ত বিশদ আলোচনা কৰা হয় ।

author-image
Asomiya Pratidin
New Update
কামৰূপ মহানগৰ জিলাৰ বেংকসমূহৰ কাম-কাজৰ পৰ্যালোচনা সভা...

বেংকসমূহৰ কাম-কাজৰ পৰ্যালোচনা সভা...

ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাৰ অধ্যক্ষতাত বেংকসমূহৰ জিলা পৰামৰ্শদাতা সমিতি আৰু জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত বেংকসমূহৰ বিভিন্ন বিষয়ত বিশদ আলোচনা কৰা হয় ।

Advertisment

বেংকসমূহৰ বিষয়-ববীয়া উপস্থিত থকা সভাখনত অগ্ৰণী জিলা প্ৰবন্ধক সুদীপ ধৰে জনায় যে আন জিলাৰ তুলনাত কামৰূপ মহানগৰ জিলাৰ বেংকসমূহৰ ফলাফল যথেষ্ঠ ভাল । ২০২২ চনৰ ৩১ তাৰিখলৈকে জিলাখনৰ বেঙ্কসমূহে ক্ৰেডিট ডিপ'জিটৰ অনুপাত (চিডিআৰ) ৬৬.৩৭% লৈকে বৃদ্ধি কৰিব পাৰিছে ।

বেংকসমূহৰ কাম-কাজৰ পৰ্যালোচনা সভা...
বেংকসমূহৰ কাম-কাজৰ পৰ্যালোচনা সভা...

ইয়াৰ উপৰি এই পৰিমাণ ছেপ্টেম্বৰ মাহত সমাপ্ত হোৱা তিনিমাহতকৈ ১.১১% আৰু ৩১ মাৰ্চ, ২০২২ তকৈ ৪.৫৫% বেছি। বেঙ্কসমূহে ১ এপ্ৰিল, ২০২১ ৰ পৰা ৩১ ডিচেম্বৰ, ২০২২ লৈকে জিলাখনত মুঠ ১৭৪৩২.০৯ কোটি টকা ঋণ বিতৰণ কৰিছে ।

অগ্ৰণী জিলা প্ৰবন্ধকে সভাত লগতে অৱগত কৰে যে কামৰূপ মহানগৰ জিলাই ৩১ ডিচেম্বৰ, ২০২২ তাৰিখলৈকে ৰাজ্যৰ বেংকৰ মুঠ জমাৰ ৩৭.৪৮% আৰু ৰাজ্যৰ বেংক সমুহৰ ঋণৰ ৩২.২১% কৰিবলৈ সক্ষম হৈছে । ২০২২-২৩ বিত্তীয় বৰ্ষৰ ৩১ ডিচেম্বৰ, ২০২২ লৈকে ৰাজ্যখনে বেংকৰ ঋণ বৃদ্ধি ১০.৫৭% নথিভুক্ত কৰাৰ বিপৰীতে কামৰূপ মহানগৰ জিলাই একেসময়ত বেংকৰ ঋণ বৃদ্ধি ১০.৭৭% নথিভুক্ত কৰিছিল বুলি জিলা প্ৰবন্ধকে কয়

লগতে তেওঁ কয় যে যদি এই ধাৰা অব্যাহত থাকে, তেন্তে ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত বছৰত জিলাখনৰ বেংকৰ ঋণ বৃদ্ধি ১৭.৪২% হ'বগৈ। বেঙ্কৰ জমাৰ ক্ষেত্ৰত ৩১ডিচেম্বৰ, ২০২২ তাৰিখলৈকে ৰাজ্যিক জমাৰ ৩৭.৪৮% অংশ কামৰূপ মহানগৰ জিলাই কৰে বুলি তেওঁ কয় । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বেংকৰ প্ৰদৰ্শনত সন্তুষ্টি ব্যক্ত কৰি বেংকসমূহক জিলাখনৰ অৰ্থনৈতিক বিকাশৰ বাবে তেওঁলোকৰ সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ কয়।

Also Read: ২০০ বছৰীয়া হ’ল অসমৰ চাহঃ বিশ্বজুৰি চলিব প্ৰচাৰ, নিৰ্মাণ হ’ব ছুটি ছবি

#ksmrupmetra