২০০ বছৰীয়া হ’ল অসমৰ চাহঃ বিশ্বজুৰি চলিব প্ৰচাৰ, নিৰ্মাণ হ’ব ছুটি ছবি

২০০ বছৰীয়া হ’ল অসমৰ চাহঃ বিশ্বজুৰি চলিব প্ৰচাৰ, নিৰ্মাণ হ’ব ছুটি ছবি, মন্ত্ৰী পিযুষ হাজৰিকাৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক ধোম-ধামেৰে উদযাপন কৰা হ’ব অসমৰ চাহৰ ২০০বছৰীয়া জয়ন্তী...

author-image
Asomiya Pratidin
New Update
২০০ বছৰীয়া হ’ল অসমৰ চাহঃ বিশ্বজুৰি চলিব প্ৰচাৰ, নিৰ্মাণ হ’ব ছুটি ছবি

২০০ বছৰীয়া হ’ল অসমৰ চাহ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিত্তমন্ত্ৰী অজন্ত নেওগে দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটত চাহ বাগিচাৰ ওপৰিও চাহ জনগোষ্ঠীৰ উন্নয়ণৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিগত দুটা শতিকাজুৰি অসমৰ চাহে ৰাজ্যৰ অৰ্থনীতিৰ মেৰুদণ্ড টনকিয়াল কৰি আহিছে । বৰ্তমানেও ৰাজ্যৰ ৰপ্তানি প্ৰায় ৯০% চাহতেই হ’য় । লগতে এই উদ্যাগটোৰ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা আছে ।

Advertisment

সেয়ে এইবাৰ বাজেটত চাহক বেণ্ড সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে । লগতে ৰাজ্য চৰকাৰে ২০২৩ বৰ্ষত উলহ-মালহেৰে চাহৰ ২০০ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ সিদ্ধান্ত লৈছে । চাহক বেণ্ড হিচাপে প্ৰচাৰ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ মহানগৰসমূহৰ উপৰিও বিদেশতো ৰ’ড শ্ব আয়েজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে চাহ প্ৰচাৰৰ বাবে বিজ্ঞাপন আৰু চুটি ছবি নিৰ্মাণৰ প্ৰস্তুত কৰা হ’ব । সেয়ে মন্ত্ৰী পীষুষ হাজৰীকাৰ সচিবালয়স্থিত কাৰ্যালয়ত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

অসমৰ অৰ্থডক্স চাহ আৰু বিশেষত্ব থকা চাহৰ উৎপাদনত অধিক উদগনি জনোৱাৰ অৰ্থে অসম চাহ উদ্যাগ বিশেষ উদগনিমূলক আঁচনি ২০২২ খনক অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা হাতত লোবা হৈছে ।

অৰ্থডক্স চাহ আৰু বিশেষ চাহ দাম প্ৰতিকিলোত ৭ টকাৰ বিপৰীতে ১০ টকালৈ বৃদ্ধিৰ প্ৰক্ৰিয়া বৰ্তমানেও চলি আছে। লগতে ২০২৩ আৰু ২০২৪ বিত্তীয় বৰ্ষত প্ৰতিকিলো চাহত ১২ টকালৈ বৃদ্ধি কৰা হ’ব । এই আঁচনিৰ বাবো ধাৰ্য কৰা হৈছে ১০০ কোটি টকা ।

ইয়াৰ উপৰি অহা তিনি বছৰৰলৈ কৃষি আয়কৰ ওপৰত কৰ ৰেহাই ব্যৱস্থাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱা হৈছে । চাহ বাগিছাৰ লেবাৰ লাইন আৰু পথসমূহৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰা হ’ব ।

এই বৰ্ষত সকাহ হিচাপে বাগিচাৰ লেবাৰ লাইনত বসবাস কৰি থকা চাহ শ্ৰমিকৰ পৰিয়াল সমূহক বকেয়া বিদ্যুতৰ বিলৰ ধন এককালীন সাহাৰ্য হিচাপে ৰেহাই দিয়া হ’ব । এই সাহাৰ্যৰ বাবে ১৫০ কোটি টকা ধাৰ্য কৰা হৈছে ।

চাহ বাগিচা এলেকাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আচনিক অধিনত ক্ষতিপূৰনৰ পৰিমান ১২০০০ ৰ পৰা ১৫০০০ টকালৈ বৃদ্ধি কৰা হৈছে । চাহ বাগিচাৰ প্ৰধান কেন্দ্ৰসমূহত ৫০০ টা মহাপ্ৰভু জগন্নাথ সমূহীয়া প্ৰেক্ষাগৃহ তথা দক্ষতা কেন্দ্ৰ নিৰ্মাণৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰা হৈছে ।

মুখ্যমন্ত্ৰী আবাস গৃহ যোজনাৰ অধিনত চাহ বাগিচাৰ লেবাৰ লাইনত ১০০০০ টা গৃহ নিৰ্মাণ কৰা হ’ব । চাহ শ্ৰমিকৰ বৃহত্তৰ স্বাৰ্থৰ কথা আগত ৰাখি ভবিষ্যত নিধিৰ ওপৰত হোৱা বকেয়া ধন পৰ্যায়ক্ৰমে পৰিশোধৰ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে । এই ১০০ কোটি টকা আৱন্টন দিয়া হৈছে আজিৰ বাজেটত ।

চাহ বাগিচা আৰু আদুবাসী সম্পদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত এটা পৃথক উপ শ্ৰেণী হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ব । আইনী চৰ্তৱলী সাপাক্ষে এ বি চি কোটাৰ অধিনত তেওলোকৰ

#Assamtea insudtry