/asomiyapratidin/media/media_files/2025/02/25/InXl58vqN5niw0MGE4Vs.jpg)
ডিজিটেল সংবাদ শুৱালকুছিঃ এডভাণ্টেজ আছাম ২.০ ত অংশগ্ৰহণ কৰিবলৈ অহা বিদেশী প্ৰতিনিধিৰ এটা দলে আজি বস্ত্ৰ নগৰী শুৱালকুছি ভ্ৰমণ কৰে। প্ৰায় ১৯ খন দেশৰ প্ৰতিনিধিৰ এটা দলে শুৱাকুছিত উপস্থিত হোৱাৰ পাছতেই ইয়াৰ বস্ত্ৰ শিল্পক দেখি অভিভূত হৈ পৰে।
বিদেশী প্ৰতিনিধিৰ দলটটোৱে প্ৰথমে বস্ত্ৰনগৰীৰ শুৱালকুছি ইনষ্টিটিউটত অফ ফেশ্বন টেকন’লজি প্ৰতিষ্ঠানত উপস্থিত হৈ পৰিদৰ্শন কৰে পাট, মুগাৰ শিল্প। এই দলটোৱে পাট, মুগা শিল্প পৰিদৰ্শন কৰাৰ উপৰিও ইয়াৰ তাঁতশালত বহি কিদৰে বস্ত্ৰ তৈয়াৰ কৰা হয় তাৰো বুজ লয়।
শুৱালকুছি ফেশ্বন টেকন’লজিত থকা অস্থায়ী বস্ত্ৰ ষ্টলৰ পৰা প্ৰতিনিধি দলটোৱে পাট, মুগাৰ বস্ত্ৰও ক্ৰয় কৰা পৰিলক্ষিত হয়। তাৰোপৰি এই দলটোৱে ইয়াৰ পৰা ক্ৰয় কৰে ঠলুৱা কুটিৰ শিল্পীয়ে প্ৰস্তুত কৰা মা কামেখ্যাৰ প্ৰতীকপটৰ লগতে অন্যান্য বিভিন্ন সামগ্ৰী।তেওঁলোকে কাঠেৰে নিৰ্মিত কামাখ্যা মন্দিৰৰ প্ৰতীকপট হাতত তুলি লৈ ইয়াৰ শিল্প কৰ্মত আশ্চৰ্যও প্ৰকাশ কৰে।
উল্লেখ্য যে, বিহু নৃত্যৰে আদৰণি জনোৱা এই প্ৰতিধিনি দলটোক সম্পূৰ্ণ থলুৱা খাদ্যৰে আপ্যায়ন কৰা হয়। তেওঁলোকক আপ্যায়ন কৰা খাদ্যৰ তালিকাত আছিল বোকা চাউল, আঠা লগা দৈ, চিৰা, গুৰ, কলপাতত দিয়া পিঠা, তিল আৰু নাৰিকলৰ লাড়ু আদি। ইফালে বিহু নৃত্য শিল্পীসকলে তেওঁলোকক আদৰণি জনোৱাপ সময়ত কেইবাজনো প্ৰতিনিধিয়েও সমানেই বিহু নৃত্য কৰিবলৈ চেষ্টা কৰা দেখা গ’ল।