জীৱনৰ বিয়লি বেলাত অকলশৰে চিকিৎসালয়ত পদ্মশ্ৰী এলী আহমেদ

জীৱনৰ বিয়লি বেলাত অকলশৰে চিকিৎসালয়ত পদ্মশ্ৰী এলী আহমেদ

ডিজিটেল ডেস্কঃ জীৱনৰ বিয়লি বেলাত সম্বলহীন হৈ পৰিছে বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী এলি আহমেদ। অসমৰ সাহিত্য-সংস্কৃতি-সমাজ জীৱনত তেওঁৰ বৰঙণী অতুলনীয়। এগৰাকী লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজ কৰ্মী ৰূপে পৰিচিত এলী আহমেদ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলাৰ বাবে প্ৰকাশিত আলোচনী 'ওৰণি 'ৰ প্ৰকাশক,সম্পাদিকা আৰু স্বত্বাধিকাৰী। 

এনে এক মহান সত্বাৰ অধিকাৰী এলী আহমেদ এতিয়া জীৱনৰ বিয়লি বেলাত অকলশৰে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। শয্যাগত এলী আহমেদৰ ওচৰত নাই কোনো আত্মীয়। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা এলী আহমেদৰ স্বাস্থ্যকলৈ চিন্তিত হাস্পতাল কৰ্তৃপক্ষ। অভিভাৱকহীন এলী আহমেদক চিকিৎসা প্ৰদান কৰাত এতিয়া অসুবিধাত পৰিছে চিকিৎসকসকল।

জানিব পৰা মতে, কিছুদিন পূৰ্বে অসুস্থ হৈ থকা এলী আহমেদক তেখেতৰ চোৱা-চিতা কৰা লোকজনে ৰহমান হাস্পতালত ভৰ্তি কৰাইছিল। তাৰ পিছৰে পৰা চোৱা-চিতা কৰা লোকজনৰো কোনো সম্ভেদ পোৱা নাই হাস্পতাল কৰ্তৃপক্ষই। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ থকা এলী আহমেদৰ চিকিৎসা প্ৰক্ৰিয়া আগবঢ়োৱাৰ ক্ষেত্ৰত বিপাঙত পৰিছে হাস্পতাল কৰ্তৃপক্ষ।

নাজিৰাত জন্মগ্ৰহণ কৰা বিশিষ্ট সাহিত্যিক গৰাকীৰ কোনো আত্মীয়ৰ সম্ভেদো বৰ্তমানলৈ পোৱা হোৱা নাই। অবিবাহিত সাহিত্যিক গৰাকীৰ আত্মীয়ৰ সম্ভেদ ওলিয়োৱাৰ বাবে বুধবাৰে এলী আহমেদৰ চানমাৰীস্থিত বাসগৃহত উপস্থিত হয় মহানগৰ আৰক্ষী। বুধবাৰে গৰিয়া-মৰিয়া সংগঠনৰ কিছু সদস্যই ৰহমান হাস্পতালত উপস্থিত হৈ সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ খবৰ লোৱা বুলি জানিব পৰা গৈছে।

জীৱনৰ বিয়লি বেলাত অকলশৰে চিকিৎসালয়ত পদ্মশ্ৰী এলী আহমেদ
অনিয়মেই নিয়ম ঢকুৱাখনা প্ৰাথমিক শিক্ষা বিভাগত

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in