প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ বিশ্বজিৎ বৰুৱা আৰু নাই...

প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ বিশ্বজিৎ বৰুৱা আৰু নাই। বৰ্ষীয়ান চিকিৎসকগৰাকীয়ে আজি দিনত উলুবাৰীৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ আছিল অসমৰ অস্থিৰোগ চিকিৎসাৰ বাটকটীয়া।

author-image
Asomiya Pratidin
New Update
প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ বিশ্বজিৎ বৰুৱা আৰু নাই...

ডিজিটেল ডেস্কঃ প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ বিশ্বজিৎ বৰুৱা আৰু নাই। বৰ্ষীয়ান চিকিৎসকগৰাকীয়ে আজি দিনত উলুবাৰীৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। 

উল্লেখ্য যে, প্ৰয়াত বিশ্বজিৎ বৰুৱা আছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অস্থিৰোগ বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক। তাৰোপৰি আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ সাধাৰণ শল্য বিভাগৰ পঞ্জীয়কো।

লোকবন্ধু ডাঃ ভূৱনেশ্বৰ বৰুৱাৰ পুত্ৰ আছিল ডাঃ বিশ্বজিৎ বৰুৱা।  ১৯২৭ চনৰ ২১ আগষ্টত জন্মগ্ৰহণ কৰা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৮ বছৰ। তেওঁ WHO ৰ ফেলশ্বিপত ব্ৰিটেইনত কাৰ্যনিৰ্বাহ কৰি খ্যাতি অৰ্জন কৰিছিল। তাৰোপৰি ইউ পি এছ চিত চিকিৎসা সেৱা বিভাগৰ উপদেষ্টাৰ দায়িত্বও বহন কৰিছিল।

প্ৰয়াত চিকিৎসক বিশ্বজিৎ বৰুৱা আছিল এগৰাকী সংগীতজ্ঞও। তেওঁৰ মৃত্যুত ৰাজ্যৰ চিকিৎসা জগতৰ বাবে এক বৃহৎ ক্ষতি হিচাপে বিবেচিত হৈছে। সামাজিক মাধ্যমতো তেওঁৰ মৃত্যুত বহুজনে শোক প্ৰকাশ কৰি সমবেদনা জনাইছে।

জি এম চি এইছ