/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6854727f-caed-4e7f-a073-8dc18dc7b1d9/CONGRESS_23.jpg)
তৃতীয় মৃত্যু বার্ষিকীত ৰাজীৱ ভৱনত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ...
ডিজিটেল সংবাদ গুৱাহাটীঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, পদ্ম ভূষণ তৰুণ গগৈৰ আজি তৃতীয় মৃত্যু বার্ষকী অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰাজ্যিক কার্যালয় ৰাজীৱ ভৱনত আড়ম্বপূর্ণভাৱে শ্রদ্ধাঞ্জলি অনুষ্ঠান হিচাপে উদযাপন কৰা হয়। দলৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জীৱন গাঠা সম্পর্কত বিস্তৃতভাৱে বৰ্ণণা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1c3c7568-003a-408a-bf21-29d940a1bbfa/984f0577_bdc1_4ca5_b434_0f154386f1a0.jpg)
তেখেতে কয়, অসমৰ দুৰ্যোগপূর্ণ অর্থনৈতিক অৱস্থাটোক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে তেখেতে যি প্রচেষ্টা চলালে তাৰ বাবেই তেখেত অসমৰ ৰাজনৈতিক জীৱনত স্মৰণীয় হৈ ৰ'ব। সন্ত্রাসজৰ্জৰ অসমক উগ্ৰপন্থীৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ বাবেও তৰুণ গগৈৰ ৰাজনৈতিক বিচক্ষণতাক অসমবাসীয়ে মনত ৰাখিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/539da3d6-6766-4283-a307-2ced923ad17b/ac69e66a_4931_420d_ada9_30cb0950f8bd.jpg)
সভাত উপস্থিত কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ লগতে কর্মীবৃন্দয়ো প্রয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছ নেতৃবৰ্গৰ ভিতৰত ৰাণা গোস্বামী, ড০ হেমহৰি পেগু, মীৰা বৰঠাকুৰ গোস্বামী, মেহদী আলম বৰা, অপূর্ব কুমাৰ ভট্টাচাৰ্য্য, ৰামান্না বৰুৱা, বিপুল গগৈ, গোপাল শর্মা, ড০ অশ্বিন কুমাৰ মহন্ত, বিধায়ক আব্দুছ ছোভাহান আলি সৰকাৰ, ৰাতুল কলিতা, প্রাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰ, ড০ পদ্মেশ্বৰ দলে, প্ৰণৱ শইকীয়া, পৰমা কুমাৰ গগৈ, মৌচুমী নেওগ, অনামিকা স্বর্গীয়াৰী, নবিনা মজুমদাৰ, ৰীনা বেগম, আলতাফ উদ্দিন আহমেদ, ছামছুদ্দিন বৰলস্কৰ, মহানন্দ দাস, অধিবক্তা আনোৱাৰ হুছেইন লস্কৰকে আদি কৰি প্ৰায় শতাধিক নেতা কর্মীয়ে প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি জ্ঞাপন কৰে।
Also Read: পূৱ হাতীচোং আঞ্চলিক শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন...