Advertisment

সাংবাদিক আক্ৰমণকাৰী বিধায়ক ৰেকিবুদ্দিনৰ আত্মীয় এতিয়াও মুক্তঃ চিচিটিভিৰ দৃশ্য সংগ্ৰহ...

বিধায়কৰ গাড়ী চালক হোৱাৰ বাবেই ক্ষমতাৰ ৰাগীত বলিয়ান হৈ সামান্য কথাতে সাংবাদিকক প্ৰহাৰ কৰা খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰিলে হাতীগাওঁ আৰক্ষীয়ে। কিন্তু এতিয়াও মুক্ত আন দুই অভিযুক্ত।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
সাংবাদিক আক্ৰমণকাৰী বিধায়ক ৰেকিবুদ্দিনৰ আত্মীয় এতিয়াও মুক্তঃ চিচিটিভিৰ দৃশ্য সংগ্ৰহ...

ডিজিটেল ডেস্কঃ বিধায়কৰ গাড়ী চালক হোৱাৰ বাবেই ক্ষমতাৰ ৰাগীত বলিয়ান হৈ সামান্য কথাতে সাংবাদিকক প্ৰহাৰ কৰা খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰিলে হাতীগাওঁ আৰক্ষীয়ে। কিন্তু এতিয়াও মুকলি আকাশৰ তলত মুক্তমনে ঘূৰি আছে অতি নিৰ্জু সাংবাদিক হিচাপেই পৰিচিত মৃণাল কুদ্দুছক আক্ৰমণ কৰা আন দুই অভিযুক্ত।

Advertisment

বুধবাৰে হাতীগাঁৱৰ সিজুবাৰীত থকা ছয়গাঁৱৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বাসগৃহৰ সন্মুখত দলবদ্ধভাৱে আক্ৰমণৰ ঘটনাক ভিন্ন জনে গৰিহণা দিছে। অতি দায়বদ্ধ আৰু ভদ্ৰ তথা নম্ৰ হিচাপে সৰ্বজন পৰিচিত সংবাদিক মৃণালৰ ওপৰত হোৱা আক্ৰমণৰ পাছতে হাতীগাওঁ আৰক্ষী থানাত দাখিল কৰা হৈছিল অভিযোগ। 

এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ীচালক খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰিলে যদিও এতিয়াও সোধপোছেই কৰা হোৱা নাই আন দুই অভিযুক্তক। এই দুই অভিযুক্তৰ এজন আকৌ ৰেকিবুদ্দিন আহমেদৰ আত্মীয় বুলি জানিব পৰা গৈছে।  

উল্লেখ্য যে, বুধবাৰে গাড়ী পাৰ্কিঙক লৈ সামান্য কথাতে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক খাইৰুল ইছলামৰ সৈতে আন দুজনে সাংবাদিক মৃণালক বেয়াকৈ প্ৰহাৰ কৰিছিল। পাছত কোনোমতে প্ৰাণ ৰক্ষা কৰি ফোনযোগে ঘটনাৰ সবিশেষ সতীৰ্থ সাংবাদিকক অৱগত কৰাৰ পাছতে তেওঁক সেই স্থানৰ পৰা উদ্ধাৰ কৰা হৈছিল।

বিষয়টোৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে খাইৰুল ইছলামক আটক কৰাৰ লগতে মৃণাল কুদ্দুছক জি এম চি এইছত স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল। অতি গুৰুতৰভাৱে আহত মৃণালে মুখমণ্ডলৰ লগতে দেহৰ আন আন অংশতো আঘাত পাইছে।  

আজি আৰক্ষীয়ে ইতিমধ্যে আটক কৰা খাইৰুলক গ্ৰেপ্তাৰ কৰিছে যদিও বিধায়ক ৰেকিবুদ্দিনৰ আত্মীয়কসহ আন দুজনক এতিয়াও আটক কৰা নাই। ইফালে যিস্থানত এই ঘটনা সংঘটিত হৈছিল সেই স্থানত আছিল কেইবাটাও চিচিটিভি কেমেৰা।

এই চিচিটিভি কেমাৰত ঘটনাৰ সকলো দৃশ্য বন্দী হৈছিল। সেয়ে ঘটনাৰ সঠিক তদন্তৰ বাবে নিশাই ইয়াৰ ফুটেজসমূহ আৰক্ষীয়ে সংগ্ৰহ কৰিব লাগিছিল যদিও সেয়া সংগ্ৰহ নকৰিলে। মন কৰিবলগীয়া যে, এই স্থানৰ সকলো চিচিটিভিয়েই আকৌ আছে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নিয়ন্ত্ৰণত।

সেয়ে তাৎক্ষণিকভাৱে চিচিটিভি ফুটেজ সংগ্ৰহ নকৰাত বিষয়টোক লৈ সন্দেহৰ সৃষ্টি হৈছে। সাংবাদিক মৃণাল কুদ্দুছক প্ৰহাৰ কৰাত ৰেকিবুদ্দিন আহমেদৰ আত্মীয় বিকিৰ নাম জড়িত হৈছে। এই বিকি নামৰ যুৱকজন দুবছৰ পূৰ্বে হাতীগাঁৱৰ মিৰ্জান নগৰৰ মছজিদত সংঘটিত এক হিংসাত্মক ঘটনাৰ সৈতে জড়িত আছিল। এই ঘটনাত বিকিৰ দেউতাক শ্বামুছুৰ ৰহমানো এক খঞ্জৰ আক্ৰমণত জড়িত আছিল।

বৰ্তমান সাংবাদিক মৃণাল বিপদমুক্ত যদিও তেওঁ এতিয়াও শৰীৰত বিষ অনুভৱ কৰি আছে। তেওঁৰ মুখমণ্ডলৰ আঘাতপ্ৰাপ্ত স্থানত এতিয়াও আঘাতৰ চিন স্পষ্ট। বুকুতো বিষ অনুভৱ কৰি আছে বুলি জনাইছে।

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই হাতীগাওঁ আৰক্ষী থানাত উপস্থিত হৈ আক্ৰমণকাৰীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। লগতে তেওঁ কয়, আইন হাতত তুলি লোৱাৰ কাৰো অধিকাৰ নাই। মই আক্ৰমণকাৰীৰ কঠোৰ শাস্তিৰ দাবী জনাইছো। লগতে তেওঁ আক্ৰমণত জড়িত কোনো এজনকে ৰেহাই নিদি সকলোকে সোধপোছৰ বাবেও দাবী জনায়।

সাংবাদিকগৰাকীক এইদৰে শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাত ৰাজ্যৰ সাংবাদিক সংগঠনসমূহেও গৰিহণা দিছে। ইলেট্ৰনিক এণ্ড প্ৰীণ্ট মিডিয়া এছোচিয়েছন অফ ছাউথ কামৰূপে এই ঘটনাক গৰিহণা দিছে আৰু আক্ৰমণকাৰীৰ কঠোৰ শাস্তি দাবী কৰিছে। সাংবাদিকৰ ওপৰত হোৱা এনে আক্ৰমণ কেতিয়াও সহ্য কৰা নহব বুলিও সকিয়াই দিছে সংগঠনটোৱে।

সেইদৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়েও সাংবাদিক মৃণালক আক্ৰমণ কৰা সকলো আক্ৰমণকাৰীয়ে গ্ৰপ্তাৰৰ দাবী উত্থাপন কৰিছে। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ ওচৰত শীঘ্ৰেই আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ বাবে দাবী জনাইছে। 

 

সাংবাদিক আক্ৰমণ হাতীগাওঁ ৰেকিবুদ্দিন আহমেদ