Advertisment

আকৌ আহিব লাগিব গুৱাহাটীঃ ৫ ঘণ্টা জেৰা কৰি যাবলৈ দিলে ৰণবীৰ এলাহবাদীয়াক...

আজি অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত হাজিৰ হোৱা ইউটিউবাৰ ৰণবীৰ এলাহবাদীয়াক প্ৰায় ৫ ঘণ্টা ধৰি জেৰা কৰে যুটীয়া আয়ুক্ত অংকুৰ জৈন আৰু ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে।

author-image
Tushar Pratim
New Update
আকৌ আহিব লাগিব গুৱাহাটীঃ ৫ ঘণ্টা জেৰা কৰি যাবলৈ দিলে  ৰণবীৰ এলাহবাদীয়াক...

ডিজিটেল ডেস্কঃ আজি অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত হাজিৰ হোৱা ইউটিউবাৰ ৰণবীৰ এলাহবাদীয়াক প্ৰায় ৫ ঘণ্টা ধৰি জেৰা কৰা হয়। গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত অংকুৰ জৈনৰ লগতে ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে তেওঁক সোধপোছ কৰে। উল্লেখ্য যে, সময় ৰাইনাৰ ইণ্ডিয়াছ গট লেটেণ্টে নামৰ এটা অনুষ্ঠানত ৰণবীৰ এলাহবাদীয়াই শালীনতাৰ সকলো সীমা অতিক্ৰম কৰি পিতৃ-মাতৃ সন্দৰ্ভত চূড়ান্ত অশ্লীল মন্তব্য কৰিছিল।

Advertisment

ইয়াৰ পিছতে ৰণবীৰ এলাহবাদীয়াৰ লগতে অনুষ্ঠানটোৰ মূল ব্যক্তি সময় ৰাইনা আৰু নিৰ্দষ্ট দিনটোত পেনেলত উপস্থিত থকা কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে দেশৰ আন কেইবাটাও স্থানৰ লগতে গুৱাহাটীত ৰুজু হৈছিল গোচৰ। এই গোচৰৰ ভিত্তিতে আজি ৰণবীৰ এলাহবাদীয়াক সোধপোছ কৰে ক্ৰাইম ব্ৰাঞ্চে।

মন কৰিবলগীয়া যে, এই গোচৰত গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ ৰণবীৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়ালয়ে তেওঁ কৰা অপৰাধাৰ বাবে ভৰ্ৎসনা কৰি গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিছিল যদিও তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহায়ৰ নিৰ্দেশ প্ৰদান কৰিছিল। সেই মতেই ৰণবীৰে আজি তেওঁৰ মেনেজাৰৰ সৈতে ক্ৰাইম ব্ৰাঞ্চৰ তদন্তকাৰী দলৰ ওচৰত দিনৰ ১২-৩০ বজাত আহি হাজিৰ হয়।

এই সন্দৰ্ভত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে কয়, "অভিযুক্ত এলাহবাদীয়াই তদন্তকাৰী বিষয়াৰ ওচৰত দিয়া স্বীকাৰোক্তি লিপিবদ্ধ কৰা হৈছে। তেওঁ আৰক্ষীৰ সকলো প্ৰশ্নৰ উত্তৰ দিছে।" তাৰোপৰি পৰৱৰ্তী সময়ত তদন্তকাৰী বিষয়াই যেতিয়াই বিচাৰে তেতিয়াই তেওঁ হাজিৰ হ’ব বুলিও আশ্বাস প্ৰদান কৰিছে।

গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া সঠিক দিশত আগবঢ়া বুলি কৈ গোচৰটোৰ লগত জড়িত আন কেইবাজনো ব্যক্তি এতিয়ালৈকে হাজিৰ হোৱা নাই বুলিও জনায়। তেওঁলোকলৈ ক্ৰাইম ব্ৰাঞ্চৰ এই তদন্তকাৰী দলে পুনৰ চমন জাৰি কৰিব।

উল্লেখ্য যে, এই গোচৰত ৰণবীৰ এলাহবাদীয়াৰ উপৰিও আশিস চঞ্চালানি, যশপ্ৰীত সিং, অপূৰ্ব মাখিজা আৰু সময় ৰাইনাৰ নাম জড়িত হৈ আছে। তেওঁলোকৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ চাইবাৰ শাখাত ৩/২০২৫ নম্বৰত ৰুজু হৈ আছে গোচৰ। 

গোচৰটোৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়াত সহযোগিতা কৰি ইতিমধ্যে অভিযুক্ত আশিস চঞ্চালানি আহি উপস্থিত হৈছে। তেওঁক ৫ ঘণ্টা ধৰি জেৰা কৰিছিল তদন্তকাৰী দলে। তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্ণংগ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। 

 

গুৱাহাটী আৰক্ষী ক্ৰাইম ব্ৰাঞ্চ