/asomiyapratidin/media/media_files/2025/05/02/bMPlSYyeQntuJfbrUr1L.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই আজি কামৰূপ গ্ৰামীণ জিলাৰ বৰখাট জিলা পৰিষদৰ (ZPC) প্ৰাৰ্থী ৰীনা স্বৰ্গীয়াৰীৰ সৈতে ঘৰে ঘৰে প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰে। স্থানীয় লোকসকলৰ মাজত বিপুল উৎসাহ আৰু সমৰ্থনে দলটোক ইতিবাচক পৰিবৰ্তন আনি দিয়াৰ গতি আৰু শক্তিশালী কৰি তুলিছে।
ৰাজেশ শৰ্মাই ভোটাৰসকলৰ সৈতে মত বিনিময় কৰি, তেওঁলোকৰ সমস্যাসমূহ অনুধাৱন কৰে আৰু আম আদমী পাৰ্টিয়ে স্বচ্ছ শাসন, গ্ৰাম্য উন্নয়ন আৰু সৰ্বজনীন নীতিৰ ওপৰত কাম কৰি যোৱাৰ কথা দিয়ে। শৰ্মাই জনসাধাৰণৰ উষ্ম সমৰ্থনৰ বাবে কৃতজ্ঞতা জনাই কয় যে ৰাইজৰ সমৰ্থন সঁচাকৈয়ে প্ৰেৰণাদায়ক যিয়েই আমাক ৰাইজৰ হকে কাম কৰিবলৈ শক্তি দিয়ে।
উল্লেখযোগ্য যে বিগত এসপ্তাহ ধৰি আপ উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই অসমৰ ভিন্ন স্থানত দলটোৰ পঞ্চায়তৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি আহিছে৷ আজি সমাপ্ত হোৱা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ জিলা সমূহঃ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰতো শৰ্মাক দেখা গৈছিল ৰাইজৰ মাজত৷