/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/de79ad8c-4649-48dc-8055-d2e65714b411/COLLEGE_8.jpg)
সন্দিকৈ মহাবিদ্যালয়ত ৰাজবালা দাস সোঁৱৰণি ৰাষ্ট্ৰীয় বঁটা প্ৰদান...
ডিজিটেল ডেস্কঃ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে প্ৰতিষ্ঠিত অধ্যক্ষা ৰাজবালা দাসৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ৮ মাৰ্চ, ২০২৪ তাৰিখে প্ৰথম ৰাজবালা দাস ৰাষ্টীয় বঁটা আৰু ৰাজবালা দাস সোৱঁৰণি বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে। মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰখ্যাত সমাজ কৰ্মী মনিষা বেহেলক মহিলা সৱলীকৰনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।
বিশিষ্ট সাংবাদিক, লেখক, চিত্ৰ নিৰ্মাতা সঞ্জয় হাজৰিকাই “অসম আৰু উত্তৰ পূৰ্বাঞ্চলত নাৰী, লিংগ আৰু নাৰী সুৰক্ষা” শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে। ড০ মনিষা বেহেলে সমগ্ৰ উত্তৰ পূব ৰাজ্যৰ মাজত একতাৰ প্ৰয়োজনীয়তা আৰু মহিলাৰ ওপৰত চলি থকা নিৰ্যাতনৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত ৰাজবালা দাসৰ জীৱনীৰ ওপৰত ৰচিত গ্ৰন্থ “তিনিকুৰি দহ বছৰৰ স্মৃতি “ (পুনৰমূদ্ৰন ) উন্মোচন কৰা হয়। সভাত সমাজৰ বিভিন্ন শ্ৰেণীৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।