ৰাইজৰ দলে কৰিব চূড়ান্ত ত্যাগঃ প্ৰতিদ্বন্দিতা নকৰে লোকসভা নিৰ্বাচনত...

ৰাইজৰ দলে কৰিব চূড়ান্ত ত্যাগঃ প্ৰতিদ্বন্দিতা নকৰে লোকসভা নিৰ্বাচনত...
ৰাইজৰ দলে কৰিব চূড়ান্ত ত্যাগঃ প্ৰতিদ্বন্দিতা নকৰে লোকসভা নিৰ্বাচনত...

ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে ৰাইজৰ দলে। শাসকীয় বিজেপিক পৰাভূত কৰাৰ বাবেই ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিয়ে গ্ৰহণ কৰিলে এই সিদ্ধান্ত। দলটোৱে তেওঁলোকৰ এই সিদ্ধান্তৰ জৰিয়তে ঐক্যবদ্ধ বিৰোধীক বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত চূড়ান্ত ত্যাগৰ বাবে সাজু হ'বলৈ এক নিদৰ্শন দাঙি ধৰা বুলি আখ্যা দিলে দলটোৱে।

আজি গুৱাহাটীত অভিজাত হোটেল লিলিত অনুষ্ঠিত হোৱা বিৰোধী দলৰ বৈঠকত অংশগ্ৰহণ কৰি ৰাইজৰ দলে তেওঁলোকৰ এই চূড়ান্ত ত্যাগৰ প্ৰস্তাৱ আগবঢ়ালে। এই সন্দৰ্ভত বৈঠকৰ পাছত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সাংবাদিকৰ আগত কয়, যদি সঁচাকৈ বিজেপিক পৰাস্ত কৰিব লাগে তেতিয়াহ'লে আমি বেছিকৈ দৌৰিব লাগিব। বিজেপিয়ে ইতিমধ্যে দৌৰিবলৈ আৰম্ভ কৰিছে। আমিও দৌৰিব লাগিব।

তেওঁ কয়, এইখিনি সময়ত আমাৰ প্ৰস্তাৱ হ'ল যদি শাসকীয় দলক পৰাভূত কৰিব লাগে, সাম্প্ৰদায়িক ফেচিবাদক আমি পৰাভূত কৰি লাগে তেন্তে আমি সকলোৱে চূড়ান্ত ত্যাগৰ বাবে প্ৰস্তুত থাকিব লাগে। ৰাইজৰে দলে সেই নিদৰ্শন দাঙি ধৰিছো। আমি কৰ্ণধাৰ পাতি চূড়ান্ত ত্যাগৰ বাবে প্ৰস্তুত বুলি জনাই দিছো। কিন্তু আমি এনেকৈ ঢিলা-ঢেলি কৰি থাকিলে নহ'ব।

লগতে তেওঁ কয়, বিৰোধী ৰাজনৈতিক দলবোৰে অকলে অকলে ৰাইজৰ মাজলৈ যোৱাৰ পৰিৱৰ্তে গোটেইখিনিয়ে একেলগে ৰাইজৰ মাজলৈ গ'লে গোটেই পৰিৱেশ সলনি হ'ব।

ৰাইজৰ দলে কৰিব চূড়ান্ত ত্যাগঃ প্ৰতিদ্বন্দিতা নকৰে লোকসভা নিৰ্বাচনত...
কোনে খেলিব কিমান আসনত ? ভূপেন বৰাই ৱেইট লিফ্টিং পদ্ধতিৰে ল'ব সিদ্ধান্ত !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in