জালুকবাৰী আৰক্ষীৰ হাতত ৰঘূবেন্দ্ৰ গুপ্তা হত্যাৰ ন ন তথ্য

জালুকবাৰী আৰক্ষীৰ হাতত ৰঘূবেন্দ্ৰ গুপ্তা হত্যাৰ ন ন তথ্য

author-image
Asomiya Pratidin
New Update
জালুকবাৰী আৰক্ষীৰ হাতত ৰঘূবেন্দ্ৰ গুপ্তা হত্যাৰ ন ন তথ্য

ডিজিটেল ডেস্ক : জালুকবাৰী আৰক্ষীৰ হাতত ৰঘূবেন্দ্ৰ গুপ্তাৰ হত্যাকাণ্ডৰ ন ন তথ্য আহি পৰিছে। জানিব পৰা মতে ৫জনে মিলি হত্যা কৰিছিল ৰঘূবেন্দ্ৰ গুপ্তাক। কামাখ্যা জংচনৰ সমীপত থকা এটা ভাড়াঘৰতে হত্যাকাণ্ড সংঘটিত হৈছিল।

Advertisment

আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে মূল অভিযুক্ত ৰাজাৰ ভনীয়েকে। কথা ক’ব নোৱাৰা ৰাজাৰ ভনীয়েকে চাইন লেংগুৱেজেৰে ঘটনাৰ সকলো কথা আৰক্ষীৰ সন্মুখত দাঙি ধৰে। এই সমগ্ৰ ঘটনাটো এটি ৫বছৰীয়া শিশুৱে আৰক্ষীক অনুবাদ কৰি সবিশেষ বিৱৰণ দিয়ে।

অৱশ্যে কি কাৰণে অনাকাঙ্খিত ঘটনাতো সংঘটিত হ’বলৈ পালে সেয়া এতিয়াও পোহৰলৈ অহা নাই। ৰহস্যৰ আৱৰ্তত আছে উক্ত ঘটনাৰ কাৰণ।

ৰঘূবেন্দ্ৰ গুপ্তাক অস্ত্ৰ তথা তেনে কোনো সামগ্ৰীৰে হত্যা কৰা হৈছিল নেকি সেই বিষয়েও কোনো তথ্য, প্ৰমাণ আৰক্ষীয়ে লাভ কৰিব পৰা নাই। এইক্ষেত্ৰত এতিয়াও আৰক্ষীয়ে অনুসন্ধান কাৰ্য চলাই থকাৰ কথা জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিগত দুদিন ধৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান। আৰক্ষীয়ে বিভিন্ন দৃষ্টিকোণেৰে এই ঘটনাৰ বাবে চলাইছিল অভিযান। ইতিমধ্য উক্ত ঘটনাৰে অভিযুক্ত ৫জনক আৰক্ষীয়ে আটক কৰিছে।

ইয়াৰ মূল অভিযুক্ত ৰাজাদেৱ ৰয়। প্ৰথমাৱস্থাত ৰাজা দেৱ ৰয়কে আৰক্ষীয়ে আটক কৰিছিল। তাৰোপৰি ৰাজাৰ মাতৃ তথা ভগ্নীকো আটক কৰিছিল আৰক্ষীয়ে।

Also Read: তৌভঙাৰ যোগীবস্তিত বনৰীয়া হাতীৰ তাণ্ডৱ

Assam police