বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ উদ্যোগত জন সচেতনতা সভা

বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ উদ্যোগত জন সচেতনতা সভা

ডিজিটেল সংবাদ,গুৱাহাটী : বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে জন সচেতনতা সৃষ্টিৰ উদ্দেশ্যে জিএনআৰচি হাস্পতালৰ দিছপুৰ চৌহদত শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত জিএনআৰচি ষ্ট্ৰ'ক কেয়াৰ দলটো উপস্থিত থাকে আৰু তেওঁলোকে ৰাইজক সুস্থ আৰু সবলভাৱে জীৱন নিৰ্বাহ কৰাৰ লগতে ষ্ট্ৰকৰ লক্ষণ আৰু কাৰকসমূহ, ইয়াৰ চিকিৎসাৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰে।

সমগ্ৰ বিশ্বতে ষ্ট্ৰ'ক মৃত্যুৰ এক প্ৰধান কাৰক। যোৱা ৩৭ বছৰে ৫০ হাজাৰতকৈও অধিক ষ্ট্ৰ'ক ৰোগীৰ চিকিৎসাৰ অভিজ্ঞতাৰে জিএনআৰচি হাস্পতাল সমৃদ্ধ। ষ্ট্ৰ'কৰ লক্ষণসমূহক ইংৰাজীত চমুকৈ F.A.S.T বুলি কোৱা হয়। অসমীয়াত ইয়াৰ ভাঙনি হ'ল— মুখখন এফালে বেঁকা হৈ যোৱা (Face Drooping), বাহু দুৰ্বল হোৱা (Arm Weakness ), কথা লাগি ধৰা (Speech Slurred) আৰু এম্বুলেঞ্চ মতাৰ সময় (Time to call Ambulance)। যোৱা দুটা দশক ধৰি জিএনআৰচি হাস্পতালে বিভিন্ন সজাগতা কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক 'কৰ এই লক্ষণসমূহৰ বিষয়ে সচেতন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি সংবাদমেলত উল্লেখ কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য অনুসৰি প্ৰতিবছৰে ১৫ নিযুত লোক ষ্ট্ৰ'কত আক্রান্ত হয়। ইয়াৰে ৫ নিযুত লোক মৃত্যুমুখত পৰে আৰু ৫ নিযুত লোকে জীৱনৰ বাবে অক্ষম হৈ পৰে বা পংগুত্বক আঁকোৱালি ল'ব লগা হয়। যোৱা কেইবা দশক ধৰি ভাৰতবৰ্ষত ষ্ট্ৰ'কত আক্রান্ত লোকৰ সংখ্যা ক্রমান্বয়ে বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে।

উচ্ছৃংখল জীৱন-যাপন আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে ক্রমবর্ধমান বয়োবৃদ্ধ লোকৰ বাবেও ভাৰতবৰ্ষত ষ্ট্ৰ'কৰ সংখ্যা বাঢ়ি আহিছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। ভাৰতবৰ্ষত মৃত্যু আৰু পংগুত্বৰ এক প্ৰধান কাৰক ষ্ট্ৰ'ক ।

সংবাদমেলখনত উপস্থিত থাকি জিএনআৰচি হাস্পতালৰ স্নায়ুৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰূপজ্যোতি দাসে কয়-“আজি বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে আমি সকলোৱে মাৰবান্ধি থিয় হওঁ আহক। আমাৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যৰে জীৱনকালত ষ্ট্ৰ'ক হ'ব পাৰে।

এই কথা সঁচাকৈ চিন্তনীয়। সমগ্র বিশ্বজুৰি ২০০ কোটি লোকৰ তেওঁলোকৰ জীৱন কালত ষ্ট্ৰ'ক হোৱাৰ সম্ভাবনা থাকে। ইয়াৰে ২০ শতাংশ মৃত্যুমুখত পৰিব পাৰে আৰু ৬০ শতাংশ লোক জীৱনৰ বাবে পংগু হৈ ৰোৱাৰ সম্ভাবনা থাকে।

ষ্ট্ৰ'ক এটা মাৰাত্মক ৰোগ, কিন্তু আশাব্যঞ্জক কথাটো হ'ল ইয়াক প্ৰতিৰোধ কৰিব পাৰি আৰু ইয়াৰ চিকিৎসা আছে। জনসচেতনতা, শিক্ষা আৰু উচিত সময়ত উপযুক্ত চিকিৎসাৰে ষ্ট্ৰ'কক বহুলাংশে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

যিয়ে ষ্ট্ৰ'ক আক্রান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক যথেষ্ট সকাহ দিব পাৰে। যিমানেই সাধাৰণ ৰাইজক ষ্ট্ৰ'কৰ লক্ষণসমূহ আৰু চিকিৎসাৰ ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰিম সিমানেই বেছিসংখ্যক ৰাইজক আমি ষ্ট্ৰ'কৰ পৰা ৰক্ষা কৰিব পাৰিম ।

সুষম তথা সঠিক ভাৰসাম্যযুক্ত খাদ্যগ্রহণ, সুৰা আৰু ধঁপাতজাতীয় সামগ্রী বর্জন আৰু মেদবহুলতাৰ পৰা আঁতৰি থাকিব পাৰিলে সহজে ষ্ট্ৰ'ক প্ৰতিহত কৰিব পৰা যায়। তদুপৰি আমি উচ্চ ৰক্তচাপ, মধুমেহ, ডিছলিপিডিমিয়া, অনিয়মীয়া হৃদস্পন্দন, মানসিক চাপ আৰু হতাশাৰ পৰা মুক্ত থাকি ষ্ট্ৰ'কক বাধা দি ৰাখিব পাৰো।

আজিৰ এই সংবাদমেলত জিএনআৰচিৰ ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট ডাঃফিৰদৌছ আহমেদ, স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ইনামূল হক আৰু ফিজিঅ'থেৰাপিষ্ট তৃষ্ণা দত্ত উপস্থিত থাকে। সংবাদমেলত তেওঁলোকৰ ষ্ট্ৰ'ক চিকিৎসাৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়। সকলোৰে বাবে স্বাস্থ্য আৰু সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জিএনআৰচিৰ যি উদ্দেশ্য সেয়া এনেধৰণৰ জনসচেতনতা কাৰ্যসূচীয়ে সফল কৰি তুলিব বুলি উল্লেখ কৰে।

বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ উদ্যোগত জন সচেতনতা সভা
গাৰামদেউত লক্ষ্মী পূজাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in