
ডিজিটেল ডেস্ক : পূৰ্বৰ বছৰবোৰৰ দৰেই বহাগ বিহুক আদৰিবলৈ পূৰ্ণগতিত প্ৰস্তুতি চলাইছে পূব গুৱাহাটী বিহু সন্মিলনে । এইবাৰ পূব গুৱাহাটী বিহু সন্মিলনৰ বিহু ৪ দিনীয়া কাৰ্যসূচীৰে ১৪, ১৫, ১৬ আৰু ১৭ এপ্ৰিলত অনুষ্ঠিত হ'ব । গুৱাহাটীৰ অন্যতম ঐতিহ্যমণ্ডিত পূৱ গুৱাহাটী বিহু সন্মিলনৰ চলিত বৰ্ষৰ বহাগ বিহুৰ বাবে ২৬ মাৰ্চ, দেওবাৰে লাইখুটা স্থাপন কৰিব সন্মিলনৰ উপদেষ্টা অঞ্জনা দেৱী চক্ৰৱৰ্তীয়ে । বিহু সন্মিলনৰ পূৰ্বে ২৯ মাৰ্চৰ পৰা ৯ এপ্ৰিললৈ বিয়লি ৪ বজাৰ পৰা ড্ৰিমলী গগৈৰ নেতৃত্বত এক বিহু কৰ্মশালাও আয়োজন কৰা হৈছে । ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লগা এই বিহু সন্মিলনৰ পতাকা উত্তোলন আৰু উদ্বোধনী অনুষ্ঠানত উত্তোলক হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা । সেইদিনাই সন্মিলনৰ উপদেষ্টা নাজিৰ আহমেদে পুৱা ১০ বজাত স্মৃতি তৰ্পন কৰাৰ পাছতেই সন্মিলনৰ মুখপাত্ৰ গগনা উন্মোচন কৰিব বিশিষ্টা লেখিকা মনিকুন্তলা ভট্টচাৰ্যই সন্ধিয়া ৫.৩০ বজাৰ পৰা আৰম্ভ হ'ব লগা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰে ।
১৪ এপ্ৰিলৰ নিশা ৮ বজাৰ পৰা শ্ৰেষ্ঠ বিহু হুচৰী দল, শ্ৰেষ্ঠ বিহু নাচনি আৰু অসম বিহুৱা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।
১৫ এপ্ৰিলত খেল ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগিতা । মহিলাৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানৰ লগতে অসম বিহুৱতী, শ্ৰেষ্ঠ বিহু ঢুলীয়া আৰু শ্ৰেষ্ঠ পেপা বাদন প্ৰতিযোগিতা আয়োজন কৰা হৈছে ।
১৬ এপ্ৰিলত পুৰুষৰ মাৰাথন দৌৰ, অন্যান্ন খেল-ধেমালি, জেং বিহু আদি অনুষ্ঠান আছে । নিশা ৯ বজাত অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব ক্ৰমে প্ৰিয়ংকা ভৰালী আৰু বাবু বৰুৱাই ।
১৭ এপ্ৰিলত পুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতা, বঁটা বিতৰণী সভা আদি অনুষ্ঠান আদি আয়োজন কৰিছে পূৱ গুৱাহাটী বিহু সন্মিলনে । অন্তিম দিনা সাংস্কৃতিক সন্ধিয়াত অৰুপ জ্যোতি বৰুৱা আৰু কাল্টিভেটৰ্ছে বিশেষ অনুষ্ঠান পৰিৱেশন কৰিব । সেই দিনা গীতৰ অনুষ্ঠান আগবঢ়াব মণীষা দেৱীয়ে ।
এইবাৰ চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত ৬২ সংখ্যক বিহু সমাৰোহ আয়োজন কৰিছে পূৱ গুৱাহাটী বিহু সন্মিলনে । ৪ দিনীয়া এই অনুষ্ঠানত জাতি, কুল নিৰ্বিশেষে ঐক্যতাৰ সংকল্পৰে অনুষ্ঠান সমূহত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াবলৈ বিহু প্ৰেমী ৰাইজক আহ্বান জনাইছে পূৱ গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সম্পাদক সীমান্ত ঠাকুৰীয়াই ।