অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্নঃ অক্ষত গুপ্তৰ চিন্তাকৰ্ষক বক্তৃতা

‘‘আমাৰ পৰম্পৰাগত পৌৰাণিক কথা মিথ্যা নহয়, প্ৰকৃত সত্য আৰু প্ৰামাণ্য’’।– ‘অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান’ত এই মন্তব্য সুবক্তা অক্ষত গুপ্তৰ।

author-image
Tushar Pratim
New Update
অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্নঃ অক্ষত গুপ্তৰ চিন্তাকৰ্ষক বক্তৃতা

ডিজিটেল ডেস্কঃ ‘‘আমাৰ পৰম্পৰাগত পৌৰাণিক কথা মিথ্যা নহয়, প্ৰকৃত সত্য আৰু প্ৰামাণ্য’’।– অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচন আৰু গুৱাহাটীস্থ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা দশম সংখ্যক ‘অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান’ত মূল বক্তব্য প্ৰদান কৰি ‘দ্য হিডেন হিন্দু’খ্যাত যশস্বী লেখক, কবি, গীতিকাৰ তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অনুপ্ৰেৰণাদায়ক সুবক্তা অক্ষত গুপ্তই এইদৰে কয়।

Advertisment

‘‘আমাৰ শিপাৰ পুনঃআৱিষ্কাৰঃ আধুনিক সময়ত হিন্দু পৌৰাণিক কথাৰ প্ৰাসংগিকতা’’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি অগ্ৰণী অনুপ্ৰেৰণাদায়ক বক্তা অক্ষত গুপ্তই কয় যে, আধুনিক সময়ত বিজ্ঞান আৱিষ্কাৰ, প্ৰমাণ কৰাৰ আগতেই আমাৰ ভাৰতীয় জ্ঞান ব্যৱস্থা অথবা হিন্দু পৌৰাণিক কথাই বহু বিষয়, বহু কথা প্ৰকাশ কৰিছে, ব্যাখ্যা কৰিছে। অক্ষৰ গুপ্তই কয় যে, আমাৰ পৌৰাণিক কথাত, ভাৰতীয় জ্ঞান ব্যৱস্থাত সকলো আছে। তথ্য আছে, সত্য আছে, বিজ্ঞান আছে।

অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্নঃ অক্ষত গুপ্তৰ চিন্তাকৰ্ষক বক্তৃতা

নৱগ্ৰহ, আকাশবাণী, সূৰ্যৰ ৰশ্মি, ৰামধেনু আদি বিভিন্ন বিষয়ৰ উদাহৰণ আদিৰে বিভিন্ন বিষয়ৰ উদাহৰণ ব্যাখ্যাৰে আমাৰ শিপাৰ পুনৰ সন্ধান প্ৰয়াস আগবঢ়াই যশস্বী লেখক, বক্তা অক্ষত গুপ্তই আধুনিক সময়ত আমি আচলতে হিন্দু পৌৰাণিক কথাত থকা সত্য আৰু বিজ্ঞানক পুনঃ আৱিষ্কাৰহে কৰিছো বুলি মন্তব্য কৰে। ভগৱানৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ৰমায়ণ, মহাভাৰত তথা হিন্দু আখ্যান, উপখ্যানসমূহৰ উদ্ধৃতিৰ অক্ষত গুপ্তই ভাষণ প্ৰসংগত কয় যে, হিন্দু পোৰাণিক কথা মিথ্য অথবা কল্পনা নহয়, এয়া হৈছে সত্য আৰু শুদ্ধ তথা প্ৰামাণ্য’’।

আমি আমাৰ শিপাৰ পুনঃ আৱিষ্কাৰ আৰু পুনঃপ্ৰতিষ্ঠাৰ বাবে আমাৰ আধুনিক শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি অগ্ৰণী কবি গীতিকাৰগৰাকীয়ে দেশৰ নতুন প্ৰজন্মক গুণগত শিক্ষা তথা প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি তোলাৰ অৰ্থে ভাৰতীয় পৰম্পৰাৰ শিক্ষা, ঐতিহ্যৰ শিক্ষাৰে ভাৰতীয় জ্ঞান ব্যৱস্থাক পুনৰুজ্জীৱিত কৰি তোলাত অত্যাধিক গুৰুত্ব প্ৰদান কৰে।

অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্নঃ অক্ষত গুপ্তৰ চিন্তাকৰ্ষক বক্তৃতা

প্ৰকৃত অৰ্থ নজনাকৈয়ে বিদেশ শব্দ আদৰি লোৱাটো এক মাৰাত্মক ভুল বুলি উল্লেখ কৰি খ্যাতিসম্পন্ন বক্তা অক্ষত গুপ্তই আমাৰ সকলো ভাৰতীয় শব্দৰ অৰ্থৰ বিশেষ তাৎপৰ্য আৰু অৰ্থৰ গভীৰতা আছে বুলিও মন্তব্য কৰে। বিশিষ্ট লেখক বক্তাগৰাকীয়ে সাম্প্ৰতিক সময়ত ভাৰতীয় পৌৰাণিক কথা, আখ্যানসমূহক সত্য ৰূপে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব প্ৰদান কৰে।

উল্লেখযোগ্য যে, অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ সচিব তথা অ’ পি জিন্দাল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ডীন, প্ৰাধ্যাপক ড০ উপাসনা মহন্তই আঁত ধৰা উক্ত বক্তৃতানুষ্ঠানটিত মাংগলিক বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য, খ্যাতিসম্পন্ন লেখক, কবি, সুবক্তা অক্ষত গুপ্ত, আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক, অগ্ৰণী উদ্যোগী মহিলা ৰিণিকি ভূঞা শৰ্মা, ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ আচাৰ্য অশোক পানাচৰি আৰু অধ্যাপক শৰৎ মহন্তৰ সহধৰ্মিনী মীনা মহন্তই।

অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্নঃ অক্ষত গুপ্তৰ চিন্তাকৰ্ষক বক্তৃতা

প্ৰণিধানযোগ্য যে, নামঘোষাৰ এফাঁকি প্ৰাৰ্থনাৰে বক্তৃতানুষ্ঠানটিৰ শুভাৰম্ভ কৰে প্ৰতিষ্ঠিত জনপ্ৰিয় সংগীত শিল্পী জুৱলী বৰুৱাই। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই প্ৰদান কৰা ভাষণত অধ্যাপক শৰৎ মহন্তক একেধাৰে এজন শিক্ষাবিদ, সাংবাদিক, চিন্তাশীল লেখক, সমাজকৰ্মী আৰু অসমত মানৱ অধিকাৰৰ ধাৰণা বিকাশৰ এগৰাকী অগ্ৰণী প্ৰবক্তা বুলি অভিহিত কৰাৰ লগতে তেখেতৰ জীৱন, কৰ্ম আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায়েই এন অনুপ্ৰেৰণাৰ উৎস বুলি মন্তব্য কৰে।

অধ্যাপক শৰৎ মহন্তৰ আদৰ্শ আৰু স্বপ্নক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে গঠিত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনে প্ৰতি বছৰে গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰি অহা বক্তৃতানুষ্ঠানসমূহে শৈক্ষিক, বৌদ্ধিক দিশসমূহৰ লগতে আৰ্থ সামাজিক তথা ঐতিহাসিক ক্ষেত্ৰসমূহতো নতুন চিন্তা চৰ্চাৰ উন্মেষ কৰিছে বুলিও ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে।

অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্নঃ অক্ষত গুপ্তৰ চিন্তাকৰ্ষক বক্তৃতা

আমাৰ শিপাৰ পুনঃ আৱিষ্কাৰেৰে সাম্প্ৰতিক সময়ত ভাৰতীয় পৌৰাণিক কথা-আখ্যানসমূহৰ প্ৰাসংগিকতা সন্দৰ্ভত যশস্বী অনুপ্ৰেৰণাদায়ক বক্তা অক্ষৰ গুপ্তৰ ভাষণে নতুন চিন্তাৰ উদ্ৰেক কৰিছে বুলি মন্তব্য কৰি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ নিৰৱচ্ছিন্ন বৌদ্ধিক প্ৰয়াসৰ শলাগ লোৱাৰ লগতে এনে ধৰণৰ চিন্তাকৰ্ষক বক্তৃতানুষ্ঠানে নতুন ধাৰণা, নতুন দৃষ্টিভংগী গঠনৰ সোপান ৰচনা কৰিূ বুলিও আশা প্ৰকাশ কৰে।

অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্নঃ অক্ষত গুপ্তৰ চিন্তাকৰ্ষক বক্তৃতা

অধ্যাপক শৰৎ মহন্তৰ সমহধৰ্মিনী মীনা মহন্ত, পুত্ৰ তথা গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, জীয়ৰী ড০ উপাসনা মহন্ত আৰু নাতিনী ডাঃ আৰ্চিয়া মহন্তই সমল ব্যক্তি তথা অভ্যাগতসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়। উল্লেখ্য যে, মূল বক্তৃতানুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠানটিৰ মূল বক্তা অক্ষত গুপ্তৰ সৈতে হোৱা বিষয়নিষ্ঠ আলোচনা আৰু উপস্থিত সুধীবৃন্দৰ প্ৰশ্নোত্তৰ শিতানে সামগ্ৰিকভাৱে অনুষ্ঠানটি অধিক আকৰ্ষণীয় কৰি তোলে।

উল্লেখ্য যে অনুষ্ঠানত ‘অসম বৈভৱ’ অৱসৰপ্ৰাপ্ত জেনেৰেল ৰাণা প্ৰতাপ কলিতা, আৰক্ষী মুখ্য আয়ুক্ত সঞ্জয় থাউচেন অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়, অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতা, অৱসৰপ্ৰাপ্ত মুখ্য সচিব পৱন বৰঠাকুৰ, অসম মানৱ অধিকাৰ আয়োদৰ সদস্য শান্তনু ভৰালী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু পদ্মশ্ৰী সূৰ্য হাজৰিকা, উপাচাৰ্য ড০ অৰূপজ্যোতি চৌধুৰী, খ্যাতিসম্পন্ন খেলুৱৈ লাভলীনা বৰগোঁহাই, মুখ্যমন্ত্ৰীৰ মুখ্য সচিব  কে কে দ্বিবেদী, যশস্বী অভিনেতা প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, মলয়া গোস্বামী, পূৰ্ণিমা পাঠক, কপিল বৰা, জেৰিফা ৱাহিদ, অসমৰ সংবাদ গোষ্ঠীসমূহৰ স্বত্বাধিকাৰ তথা সম্পাদকসকলৰ লগতে অধ্যাপক শৰৎ মহন্তৰ জ্যেষ্ঠ পুত্ৰ ড০ পাৰ্থসাৰথি মহন্ত, বোৱাৰী ইন্দ্ৰাণী বৰুৱাকে প্ৰমুখ্যে কৰি ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনু্ষ্ঠানটি জীপাল কৰি তোলে। 

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় অধ্যাপক শৰৎ মহন্ত