ভৱ গোস্বামীলৈ নগাঁও সত্ৰ মহাসভাৰ 'ৰেবত চন্দ্ৰ মহন্ত স্মাৰক জীৱনজোৰা সাধনা বঁটা'

ভৱ গোস্বামীলৈ নগাঁও সত্ৰ মহাসভাৰ 'ৰেবত চন্দ্ৰ মহন্ত স্মাৰক জীৱনজোৰা সাধনা বঁটা'

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা সত্ৰ মহাসভাৰ ত্ৰি বাৰ্ষিক পূৰ্নাঙ্গ অধিবেশন আৰু ত্ৰয়োবিংশতিত্ৰম সত্ৰীয়া সংস্কৃতি দিৱস, ২০২৩ অনুষ্ঠিত হয়৷ বুধবাৰে নগাঁও জিলা পুথিভড়াল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত হয় ৷

বুধবাৰে পুৱা অসম সত্ৰ মহাসভাৰ ধ্বজা উত্তোলনৰে কাৰ্যসূচীৰ পাতনি মেলা হয় ৷ ধ্বজা উত্তোলন কৰে নগাঁও সত্ৰ মহাসভাৰ সভাপতি কেশবানন্দ গোস্বামীয়ে ৷ ইয়াৰ পিছতে স্মৃতি তৰ্পন কৰে কুশল চন্দ্ৰ মহন্তই ৷ পুৱা ১০বজাৰ পৰা নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক, প্ৰতিনিধি আৰু বিষয় বাচনি সভা খনি অনুষ্ঠিত হয় ৷

বিয়লি ২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয় ৷ লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীৰ সভাপতিত্ব অনুষ্ঠিত সভাখনৰ আঁত ধৰে দিগন্ত প্ৰকাশ মহন্তই ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামী ৷ আমন্ত্ৰিত অতিথি হিচাপে অশোক কুমাৰ মহন্ত আৰু পৰমানন্দ গোস্বামী উপস্থিত থাকি বক্তব্য আগবঢ়াই ৷

এই অনুষ্ঠানত শ্ৰী শ্ৰী আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰ সৰ্বানন্দ মহন্ত আৰু শ্ৰী শ্ৰী ধৱলী বালিপাৰা সত্ৰৰ সত্ৰাধিকাৰ বনমালী গোস্বামীক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ উপৰি এই অনুষ্ঠানতে ৰেবত চন্দ্ৰ মহন্ত স্মাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় ৷ এইবেলি এই বঁটা প্ৰদান কৰা হয় লিখক, সমাজ সংগঠক, যশস্বী সাংস্কৃতিক কৰ্মী ভৱ গোস্বামীক ৷

লগতে 'শতধাৰা', 'আমাৰ সংস্কাৰ আৰু সংস্কৃতি', 'ভাগৱতৰ মনোৰম কাহিনী' আৰু 'তিনিজনা গুৰুৰ শৈশৱ আৰু শিশুলীলা' নামৰ গ্ৰন্থ ৪খন উন্মোচন কৰা হয় ৷ গ্ৰন্থ কেইখন উন্মোচন কৰে ক্ৰমে ড° বীনা কলিতা, ড° ধৰ্মেশ্বৰ গোস্বামী, ভীষ্ম দুৰ্লভ মহন্ত আৰু আভা বৰাই ৷

ভৱ গোস্বামীলৈ নগাঁও সত্ৰ মহাসভাৰ 'ৰেবত চন্দ্ৰ মহন্ত স্মাৰক জীৱনজোৰা সাধনা বঁটা'
খেল পথাৰত দুৰ্দান্ত ৰূপ ধাৰণ কৰা ৰোহিতৰ আন এক অভিলেখ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in