গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক দীক্ষান্ত সমাৰোহত উপস্থিত থাকিব ৰাষ্ট্ৰপতি

অহা ২৫ এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক দীক্ষান্ত সমাৰোহ। এইবাৰ এই সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মু । 

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক দীক্ষান্ত সমাৰোহত উপস্থিত থাকিব ৰাষ্ট্ৰপতি

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ে ৩২ সংখ্যক দীক্ষান্ত সমাৰোহৰ বাবে প্ৰস্তুতি চলাইছে। অহা ২৫ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এই দীক্ষান্ত সমাৰোহৰ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ পৰা প্ৰেৰিত এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ, অসমৰ শৈক্ষিক ক্ষেত্ৰত এক নতুন ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ সাজু হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক দীক্ষান্ত সমাৰোহৰ মুখ্য অতিথিৰূপে উপস্থিত থাকিব ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মু । 

Advertisment

সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্রথমবাৰৰ বাবে ২৫ এপ্ৰিল তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই সভাপতিত্ব কৰিবলগীয়া দীক্ষান্ত সমাৰোহত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সন্মানীয় অতিথিৰূপে অনুষ্ঠানৰ শোভা বঢ়াব। অনুষ্ঠানত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব। 

দীক্ষান্ত সমাৰোহত গুৱাহাটী বিশ্ববিদ্যালয়ে নিজ নিজ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সন্মানীয় ডিগ্ৰীও প্ৰদান কৰিব। গুৱাহাটীৰ ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ অমল চন্দ্ৰ কটকীক সন্মানীয় ডক্টৰ অফ ছায়েন্স ডিগ্ৰী, কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শইকীয়া( Director of Oncosciences , Jaslok Hospital & Research Centre , Mumbai ) আৰু অৰুণাচল প্ৰদেশৰ সন্মানীয় উপ-মুখ্যমন্ত্ৰী চাওনা মেইনক জনজীৱনৰ সেৱাৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব । 

উক্ত অনুষ্ঠানত স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ ৩,৭৩৫ জন শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হ’ব লগতে বিশ্ববিদ্যালয় তথা ইয়াৰ সংযুক্ত মহাবিদ্যালয়সমূহৰ ১৮৫ জন গৱেষকক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব। সমাৰোহত অতিথি, অধ্যাপক, গৱেষক তথা বিশিষ্ট ব্যক্তিকে ধৰি ৬ হাজাৰৰো অধিক লোক উপস্থিত থাকিব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই আশা প্ৰকাশ কৰিছে । 

সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীৰ বিশ্ববিদ্যালয় ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ নেতৃত্বত বিশ্ববিদ্যালয় চৌহদত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ বাবে প্ৰস্তুতি ইতিমধ্যই আৰম্ভ হৈছে । বিশ্ববিদ্যালয়ৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি তথা বিভিন্ন প্ৰট’কল, নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে অনুষ্ঠানটো নিখুঁতভাবে পৰিচালনা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে বুলি উপাচাৰ্যগৰাকীয়ে জনাইছে ।

গুৱাহাটী বিশ্ববিদ্যালয়